নলবাৰী,3 জুলাই: বৃহস্পতিবাৰৰ পৰা ৰাজ্যজুৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত সদৌ অসম ছাত্ৰ সন্থাই সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷ শুকুৰবাৰে নলবাৰীতো জিলা ছাত্ৰ সন্থাৰ উদ্যোগত মূল্যবৃদ্ধিৰ বিৰুদ্ধে গ্ৰহণ কৰা হয় বিক্ষোভ কাৰ্যসূচী ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ লগতে পেট্ৰ’ল-ডিজেলৰ বৰ্ধিত মূল্য ৰোধৰ বাবে চহৰখনৰ পিএনচি পথত থকা ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী ৷
উল্লেখ্য যে,পৰিৱৰ্তনৰ লক্ষ্যৰে শাসনৰ গাদী দখল কৰা বিজেপি চৰকাৰে অতি কম দিনতে মূল্যবৃদ্ধিৰে সৰ্বসাধাৰণৰ ওপৰত মাধমাৰ শোধাইছে । তৎসত্বেও ৰাজ্য চৰকাৰৰ যোগান মন্ত্ৰীৰ এইক্ষেত্ৰত নাই কোনো সঁহাৰি ৷ সেয়ে এই বিক্ষোভ প্ৰদৰ্শনেৰে নলবাৰী জিলা আছুৰ প্ৰতিবাদী দলটোৱে চৰকাৰক হুংকাৰ প্ৰদান কৰি মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ আহ্বান জনায় ৷