ETV Bharat / state

ড৹ হিমন্ত বিশ্ব শৰ্মালৈ অনন্ত শয্যা উপহাৰ নলবাৰী এগৰাকী ব্যক্তিৰ

author img

By

Published : Aug 14, 2021, 4:33 PM IST

নলবাৰী এগৰাকী লোকে 15 আগষ্টত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক উপহাৰ হিচাপে দিব অনন্ত শয্যা ৷ লোকজনে সম্পূৰ্ণ নিজা খৰচত নিৰ্মাণ কৰিছে অনন্ত শয্যাখন ৷

aananta xajjya gift for himanta biswa sharma
ড৹ হিমন্ত বিশ্ব শৰ্মালৈ অনন্ত শয্যা উপহাৰ নলবাৰী এগৰাকী ব্যক্তিৰ

নলবাৰী, 14 আগষ্ট : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক 15 আগষ্টত উপহাৰ হিচাপে দিবলৈ এগৰাকী লোকে নিৰ্মাণ কৰি উলিয়াইছে অনন্ত শয্যা ৷ লোকজনৰ ঘৰ নলবাৰীত বালিকৰিয়াত ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ এগৰাকী ব্যৰ্তিক্ৰমী অনুৰাগী তেওঁ ৷

পেচাত এগৰাকী কাঠমিস্ত্ৰী যদিও লোকজন একাধাৰে কামৰূপী লোকগীত, ওজাপালি, নাগাৰা নামৰ শিল্পী হোৱাৰ উপৰিও তেওঁ নিজে গীত ৰচনা কৰাৰ লগতে গীত গায় । যোৱা বৰ্ষত ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নামত লোকজনে এটি গীত ৰচনা কৰি উলিয়াইছিল আৰু সেই গীতটো গাই প্ৰকাশ কৰাৰ পাচতে ৰাইজৰ আদৰ বুটলিবলৈ সক্ষম হৈছিল তেওঁ ।

ইফালে লোকজনে গান্ধৰ্ব সাংস্কৃতিক গোষ্ঠীৰ লগত জড়িত হৈ বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত অনুষ্ঠান পৰিৱেশন কৰি দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিছে । বহু কেইটা প্ৰতিভাৰ অধিকাৰী নলবাৰীৰ লোকজনৰ নাম দীপক ৰাজবংশী ৷

লগতে পঢ়ক: নগাঁও আৰক্ষীৰ জালত মাৰণাস্ত্ৰসহ চাৰি কুখ্যাত ডকাইত

ড৹ হিমন্ত বিশ্ব শৰ্মাক উপহাৰ হিচাপে দিবলৈ ভগৱান শ্ৰীবিষ্ণুৰ অনন্ত শয্যা নিৰ্মাণ কৰি এইবাৰ চৰ্চালৈ আহিছে দীপক ৰাজবংশী ৷ মুখ্যমন্ত্ৰী গৰাকীৰ ব্যক্তিত্বৰ প্ৰতি আৰ্কষিত হৈ এই পদক্ষেপ গ্ৰহণ কৰিছে দীপক ৰাজবংশীয়ে ৷

দীপক ৰাজবংশীয়ে সদৰি কৰা মতে, ১৫ আগষ্ট তাৰিখে অনন্ত শয্যাখন তেওঁ নিজ হাতে ড৹ হিমন্ত বিশ্ব শৰ্মাক প্ৰদান কৰিব । সম্পূৰ্ণ নিজা খৰচত অনন্ত শয্যা নিৰ্মাণ কৰি উলিয়াইছে দীপক ৰাজবংশীয়ে ৷ 65 লিটাৰ ফেবিকল আঠা, কাঠৰ গুৰি আৰু কাঠেৰে অনন্ত শয্যাখন সাজি উলিয়াইছে দীপক ৰাজবংশীয়ে ৷

উল্লেখ্য যে, দীপক ৰাজবংশীৰ পৰিয়ালটো আৰ্থিকভাৱ যথেষ্ট দুৰ্বল । দীপক ৰাজবংশীৰ পৰিয়ালে আজিলৈকে লাভ কৰা নাই চৰকাৰী গৃহ লগতে চৰকাৰী আঁচনিৰ অন্যান্য সা সুবিধা ।

লগতে পঢ়ক: অসমতে উপলব্ধ হ'ব কৰ্কট ৰোগৰ বিনামূলীয়া অত্যাধুনিক চিকিৎসা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.