ETV Bharat / state

স্বাধীনতাৰ ৭৪ বছৰে উন্নয়নৰ মুখ নেদেখা নলবাৰীৰ এখন গাঁও

author img

By

Published : Aug 23, 2020, 11:10 AM IST

বিগত তিনি বছৰে বিদ্যুৎ সংযোগ কৰাটো দূৰৰ কথা বিদ্যুতৰ সলনি মাটিত পৰি আছে কেইটামান বিদ্যুতৰ খুঁটাহে ৷ গাঁৱখনত নাই কোনো চিকিৎসাৰ সা-সুবিধা তথা খোৱা পানীৰ সুবিধা। পথৰ অৱস্থা অতিকৈ শোচনীয় হোৱা বাবে গাঁওখনলৈ নাহে এম্বুলেঞ্চু ৷ আনকি ৰোগীক হাস্পতাললৈ লৈ যোৱা অৱস্থাত ৰোগীৰ মৃত্যু পৰ্যন্ত হোৱাৰ নজিৰ আছে ৷ কিন্তু ইমানৰ পাছতো বৰ্তমানেও নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাৰ চকুত পৰা নাই গাঁওখন ৷

A village of Nalbari  has not seen any development in the 74 years of independence
স্বাধীনতাৰ ৭৪ বছৰে উন্নয়নৰ মুখ নেদেখা নলবাৰীৰ এখন গাঁও

নলবাৰী, 23আগষ্টঃ দেশৰ স্বাধীনতাৰ ৭৪ বছৰ উকলিল কিন্তু আজিও উন্নয়ন নহ'ল গ্ৰামাঞ্চলৰ । তেনে এক দৃশ্য দেখা পোৱা গ'ল নলবাৰী সমষ্টিৰ অন্তৰ্গত বুৰবুৰি গাঁৱত । আজি পৰ্যন্ত উন্নয়নৰ মুখ নেদেখা গাঁওবাসীয়ে পাৰ কৰিব লগা হৈছে কণ্টকময় জীৱন ৷ বোকা-পানীৰে ভৰপূৰ পথেৰে ভঙা দলঙেৰে বিপদজনকভাৱে আহ-যাহ কৰে দৈনিক ৮০০ ৰ পৰা ১০০০ লোক । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিজিটেল যুগৰ সূচনাৰ পাছতো গাঁৱবাসীয়ে দিনতে লেম্প,চাকিত তেল ভৰোৱাৰ বাবে চিন্তা কৰিব লাগে ৷

তদুপৰি বিগত তিনি বছৰে বিদ্যুৎ সংযোগ কৰাটো দূৰৰ কথা বিদ্যুতৰ সলনি মাটিত পৰি আছে কেইটামান বিদ্যুতৰ খুঁটাহে ৷ গাঁৱখনত নাই কোনো চিকিৎসাৰ সা-সুবিধা তথা খোৱা পানীৰ সুবিধা । পথৰ অৱস্থা অতিকৈ শোচনীয় হোৱা বাবে গাঁওখনলৈ নাহে এম্বুলেঞ্চু ৷ আনকি ৰোগীক হাস্পতাললৈ লৈ যোৱা অৱস্থাত ৰোগীৰ মৃত্যু পৰ্যন্ত হোৱাৰ নজিৰ আছে ৷ কিন্তু ইমানৰ পাছতো বৰ্তমানেও নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাৰ চকুত পৰা নাই গাঁওখন ৷ আনফালে ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ জন্মগাঁৱৰ নিচেই কাষত থকা গাঁওখন আজিকোপতি বঞ্চিত হৈ আছে উন্নয়নৰ পৰা ৷

প্ৰশ্ন হয়, পৰিবৰ্তনকামী চৰকাৰে চকু মেলিবনে? নে কেৱল পৰিবৰ্তনৰ শ্ল'গান দিয়াতে ব্যস্ত থাকিব 'সবকা সাথ, সবকা বিকাশ'ৰ কথা কোৱা চৰকাৰখন ? নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতিবোৰ ৰূপায়ন কৰিবলৈ আগন্তুক নিৰ্বাচনৰ পূৰ্বে সফল হ'বনে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে ? সেইয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব ৷

লগতে পঢ়কঃবাজেট ব্যয় সন্দৰ্ভত দেৱব্ৰত শইকীয়াৰ মন্তব্যক অপপ্ৰচাৰ আখ্যা ৰাজ্যিক বিজেপিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.