ETV Bharat / state

Covid-19 infection in Nalbari school : নলবাৰীৰ লিটল ফ্লাৱাৰ্চ স্কুলৰ শিক্ষিয়ত্ৰী কৰ'ণাত আক্ৰান্ত

author img

By

Published : Nov 27, 2021, 6:59 PM IST

ক'ভিড-১৯ত আক্ৰান্ত নলবাৰীৰ লিটল ফ্লাৱাৰ্চ স্কুলৰ এগৰাকী শিক্ষয়িত্ৰী(Teacher tests corona positive in Nalbari )। ৩ ডিচেম্বৰ পৰ্যন্ত বিদ্যালয়খন বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে বিদ্যালয় কৰ্তৃপক্ষই । শিক্ষয়িত্ৰীগৰাকী কৰ'ণাত আক্ৰান্ত হোৱাৰ পাচতে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকল আতংকিত হৈ পৰিছে ।

A teacher of Little flower school in Nalbari found Covid infected
নলবাৰীৰ লিটল ফ্লাৱাৰ্চ স্কুলৰ শিক্ষিয়ত্ৰী কৰ'ণাত আক্ৰান্ত

নলবাৰী, ২৭ নৱেম্বৰ : বৰ্তমান দেশজুৰি ক'ভিড-১৯ৰ সংক্ৰমণ হ্ৰাস পাইছে যদিও ভয়ৱহতা সম্পূৰ্ণৰূপে দূৰ হোৱা নাই । অসমতো সংকটমুক্ত হ'ব পৰাকৈ সংক্ৰমণ ৰোধ হোৱা নাই । সেয়েহে, ক'ভিড প্ৰটকল মানি চলিবলৈ প্ৰশাসনৰ তৰফৰ পৰা বাৰে বাৰে সকীয়নি দিয়া হৈছে । কিন্তু ৰাজ্যত বিদ্যালয়সমূহ খোলাৰ পাচৰে পৰা শিক্ষাৰ্থী আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ আক্ৰান্তৰ সংখ্যা ক্ৰমান্বয়ে বাঢ়িছে ।

শেহতীয়াকৈ নলবাৰীতো এগৰাকী শিক্ষয়িত্ৰীৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ অৱস্থিতি(Covid-19 infection in Nalbari school) । নলবাৰী চহৰৰ মাজমজিয়াত অৱস্থিত ব্যক্তিগত খণ্ডৰ বিদ্যালয় লিটল ফ্লাৱাৰ্চ স্কুলৰ শিক্ষয়িত্ৰী কবিতা শৰ্মা মহামাৰীত আক্ৰান্ত হৈছে(Corona infection in Little flowers school) । শিক্ষয়িত্ৰীগৰাকী ক'ভিড-১৯ত আক্ৰান্ত হোৱাৰ পাচতে বিদ্যালয়খন বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে বিদ্যালয় কৰ্তৃপক্ষই (Nalbari school teacher found corona poitive) । ২৭ নৱেম্বৰৰ পৰা ৩ ডিচেম্বৰলৈ বন্ধ থাকিব বিদ্যালয়খন ।

ইতিমধ্যে বিদ্যালয় কৰ্তৃপক্ষই জাননী জাৰি কৰিছে । অৱশ্যে অনলাইন পাঠদান পূৰ্বৰ দৰে অব্যাহত থাকিব । আনহাতে, দেওবাৰে শিক্ষয়িত্ৰীগৰাকীৰ আৰ টি পি চি আৰ পৰীক্ষা সম্পন্ন কৰোৱা হ'ব ।

তেওঁৰ সংস্পৰ্শলৈ অহা আন শিক্ষক-শিক্ষয়িত্ৰী, শিক্ষাৰ্থী, কৰ্মচাৰী আৰু অভিভাৱকসকলক প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰিবলৈ আৰু লক্ষণ দেখা পালে ক'ভিড পৰীক্ষা কৰাবলৈ আহ্বান জনোৱা হৈছে । ইফালে, বিদ্যালয়খনো শীঘ্ৰেই চেনিটাইজ কৰা হ'ব বুলি জানিব পৰা গৈছে । কেৱল বিদ্যালয়ৰ অন্যান্য কামৰ বাবে ৩০ নৱেম্বৰত কাৰ্যালয় পুনৰ খোলা হ'ব বুলি বিদ্যালয়খনৰ অধ্যক্ষগৰাকীয়ে জানিবলৈ দিছে ।

লগতে পঢ়ক:Covid 19 update : ভাৰতত হ্ৰাস পাইছে আক্ৰান্তৰ সংখ্যা

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.