নলবাৰী 21 এপ্ৰিলঃ- নলবাৰীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী সভা ৷ কংগ্ৰেছক তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰীৰ ৷
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়,
- কংগ্ৰেছে ইচ্ছাকৃত ভাৱে দেশ অস্থিৰ কৰি ৰাখে ৷
- কংগ্ৰেছৰ শাসনকালত লোকসভাত কোনোদিনে উত্তৰ পূৰ্বাঞ্চলক সন্মান প্ৰদান কৰা হোৱা নাছিল৷
- কংগ্ৰেছৰ অপশাসন আৰু অকৰ্মণ্যতাৰ ফলত অতদিনে অসম অন্ধকাৰত আছিল৷
- গুৱাহাটী মহানগৰী সম্প্ৰসাৰণ কৰি টিহু লৈকে হ'ব বুলি মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি ৷
- গুৱাহাটীক দক্ষিণপূৱ এছিয়াৰ অন্যতম চহৰ হিচাপে গঢ়াৰ অংগীকাৰ ৷ নতুন গুৱাহাটী আন্তৰ্জাতিক চহৰ হ'ব বুলিও কয় মুখ্যমন্ত্ৰীয়ে ৷
- কংগ্ৰেছ মানে কেকটাছ ৷সদায় মানুহক বিন্ধিব জানে ৷ৰাষ্ট্ৰ নিৰ্মাণ কৰিব নাজানে ৷
- আজিৰ তাৰিখত ভাৰতক ৰঙা চকু দেখাব পৰা কোনো শত্ৰু নাই ৷
এই সভাত মুখ্যমন্ত্ৰীক সংগ দিয়ে অগপ সভাপতি অতুল বৰা,মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ লগতে কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতাই৷ এই সভাতেই অতুল বৰাই কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ গোপন মিত্ৰতাক তীব্ৰ সমালোচনা কৰে ৷ সভাত 'A For Assam' বুলি প্ৰধানমন্ত্ৰী মোডীৰ বন্দনাত পঞ্চমুখ হৈ পৰে মুখ্যমন্ত্ৰী সোণোৱাল ৷