নলবাৰী, 10 মাৰ্চ: অসম দেশৰ আজৱ ঘটনা ৷ চেম্পুৱে নহয় এইবাৰ সুৰাই ভাঙিলে বিয়া ৷ যুগ্ম জীৱনৰ পাতনি মেলাৰ পূৰ্বেই হোমৰ গুৰিত সুৰাই লগালে অথন্তৰ ৷ যাৰবাবে বিয়া নোহোৱাৰ সিদ্ধান্ত ল’লে কইনাই ৷
সুৰাৰ বাবে বিয়া ভঙা এই আজৱ ঘটনা হৈছে নলবাৰীত ৷ সুৰাৰ ৰাগীত মাতাল হৈ পৰা দৰাৰ অৱস্থা দেখি বিয়া নোহোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিলো কইনাই ৷ প্ৰাপ্ত তথ্য অনুসৰি নলবাৰী বৰখানাজানত সম্পন্ন হৈছিল এই বিয়াখন ৷ দৰা আছিল নলবাৰীৰে গোপাল বজাৰৰ (Drunken groom in Nalbari) ৷
বৃহস্পতিবাৰে নিশা নিৰ্দিষ্ট সময়ত আত্মীয়সহ দৰা আহি উপস্থিত হ’ল কইনাৰ ঘৰত ৷ প্ৰথমে সকলো ঠিকেই আছিল যদিও হোমৰ গুৰিত বহাৰ পাচতহে লাগিল অথন্তৰ ৷ নিজৰ বিয়া বুলি স্ফূৰ্তিতে ডিঙিলৈকে গিলি অহা দৰাই পুৰোহিতৰ মন্ত্ৰোচ্ছাৰণৰ সময়ত হোমৰ গুৰিতে শুই পৰিল ৷ মাতাল দৰা বাগৰি পৰাৰ লগে লগেই সলনি হ’ল বিয়াঘৰৰ পৰিৱেশ ৷ অভিযোগ অনুসৰি বহি থাকিব নোৱাৰাকৈ মাতাল হৈ আহিছিল দৰা (Nalbari drunken groom incident) ৷
ইয়াৰ পাচতেই ৰভাত নোহোৱা হ’ল বিয়াৰ পৰিৱেশ ৷ হ’ব লগা স্বামীক এনে অৱস্থাত দেখা পায় বিয়া নোহোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে কইনা আৰু কইনাৰ পৰিয়ালে ৷ কইনাৰ সিদ্ধান্তৰ পাচতেই গাঁওবুঢ়াক মাতি ৰভা থলিতে অনুষ্ঠিত কৰা হ’ল ৰাজহুৱা সভা ৷ লগতে উপস্থিত হ’ল নলবাৰী আৰক্ষী ৷ অৱশেষত সকলোৰে উপস্থিতিত বিবাহ ভংগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হ’ল ৷ ইফালে কইনাৰ পৰিয়ালে এতিয়া বিচাৰিছে উচিত ন্যায় ৷
জানিব পৰা মতে দৰা আছিল নলবাৰীৰে গোপাল বজাৰৰ প্ৰসেনজিৎ হালৈ ৷ যুগ্ম জীৱনৰ পাতনি মেলাৰ সপোন দৰা আৰু কইনা দুয়োৰে বাবে সপোনেই হৈ ৰ’ল ৷ কেৱল দৰাই নহয়, কইনাৰ পৰিয়ালৰ অভিযোগ অনুসৰি দৰাৰ পিতৃও সুৰাৰ ৰাগীত মাতাল হৈ আহিছিল ৷ গাড়ীৰ পৰাও দৰা নিজে নামি আহিব পৰা অৱস্থাত নাছিল ৷
লগতে পঢ়ক: Barpeta Marriage Controversy: বৰপেটাৰ বিয়াখনক লৈ সৰৱ চৰ্চা, আত্মপক্ষ সমৰ্থন দুয়োটা পক্ষৰ