নলবাৰী, 21 জুলাই : ১৬ জনীয়া এটা পৰিয়ালৰ ৯ জনকৈ সদস্য দৃষ্টি হীন । লক ডাউনৰ পূৰ্বে তিনি দৃষ্টিহীন ভাতৃয়ে ৰে'লত গান গাই পৰিয়ালটো পোহ-পাল দিছিল যদিও বৰ্তমান পানীত হাঁহ নচৰা অৱস্থা এই পৰিয়ালটোৰ ৷ একেটা পৰিয়ালৰ তিনি ভাতৃ ক্ৰমে কেৰামত আলী,ইছাহক আলী আৰু আব্দুল গণিয়ে নিজৰ পৰিয়ালক পোহপাল দিবলৈ ৰাজহুৱা স্হানৰ লগতে ৰেলত গীত গাই পৰিয়াল পোহপাল দি আহিছিল ৷ কিন্তু লক ডাউনে স্তব্ধ কৰিলে পৰিয়ালটোৰ জীৱন ৷
![Nalbari](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-nlb-01-21july-blind-family-dl-v-as10004_21072020121709_2107f_00744_899.jpg)
এই সন্দৰ্ভত চাওঁক সংবাদদাতা কৈলাশ ডেকাৰ এক প্ৰতিবেদন....