ETV Bharat / state

Electricity tariff hike: গৰমৰ দিনত বিদ্যুৎ বেছিকৈ ব্যৱহাৰ কৰিছে বাবে বিল বেছিকৈ আহিছে; দিলীপ শইকীয়া

author img

By

Published : Jun 13, 2023, 11:48 AM IST

বহিঃৰাজ্যৰ পৰা বিদ্যুৎ ক্ৰয় কৰিব লাগে বাবে বিদ্যুতৰ নাটনি হৈছে ৷ তদুপৰি পূৰ্বতকৈ ৰাইজে বেছিকৈ ফেন, কুলাৰ আদি ব্যৱহাৰ কৰিছে বাবে বিদ্যুতৰ বিল বেছিকৈ আহিছে ৷ নলবাৰীৰ হিতাধিকাৰী সন্মিলনত উপস্থিত থাকি এই মন্তব্য সাংসদ দিলীপ শইকীয়াৰ ।

A beneficiary conference
হিতাধিকাৰী সন্মিলন

বিদ্যুৎ মাচুল বৃদ্ধিক লৈ বিজেপি নেতাৰ বাণী

নলবাৰী, ১৩ জুন : সোমবাৰে কেন্দ্ৰীয় চৰকাৰৰ নৱম বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি নলবাৰী সমষ্টিত এখনি হিতাধিকাৰী সন্মিলন অনুষ্ঠিত কৰা হয় । নলবাৰী বালিলেচা কালী দেৱালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় সন্মিলনখন । উক্ত সন্মিলনখনত উপস্থিত থাকে স্থানীয় তথা ৮ নং মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, নলবাৰী সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতবৰ্ষত বিজেপি চৰকাৰে ন টা বছৰ অতিক্ৰম কৰাত সোমবাৰে নলবাৰী সমষ্টিৰ হিতাধিকাৰী সকলৰ উপস্থিতিৰে সন্মিলনখনৰ পৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনায় দিলীপ শইকীয়া আৰু জয়ন্ত মল্ল বৰুৱাই । সন্মিলনত ভাৰতৰ কোটি কোটি জনতাক কল্যাণকামী আঁচনিৰে উপকৃত কৰোৱাই নৱম বৰ্ষপূৰ্তি পালন কৰি প্ৰধানমন্ত্ৰীৰ সকলো আঁচনিয়েই সফল হোৱা বুলি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু সাংসদ দিলীপ শইকীয়াই ভাষণ প্ৰসংগৰে নৰেন্দ্ৰ মোদীক সম্ভাষণ জনায় ।

উক্ত সন্মিলনৰ ভাষণ প্ৰসংগত সাংসদ দিলীপ শইকীয়াই কয় যে পূৰ্বৰ তুলনাত এতিয়া হিতাধিকাৰীয়ে দালাল অবিহনেই প্ৰধানমন্ত্ৰীৰ মৰম লাভ কৰি আছে । লগতে আগন্তুক ২৪ ৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছকে ধৰি সকলো বিৰোধী দলে একগোট হৈ বন্ধা মহাজোঁট গঠন প্ৰক্ৰিয়া সন্দৰ্ভত অজাপ, ৰাইজৰ দলক তীব্ৰ সমালোচনা কৰে সাংসদগৰাকীয়ে । সাংসদগৰাকীয়ে ভাষণ প্ৰসংগত কয় যে এনেকুৱা ১২ টা দলেই নহয় এশটা দল একলগ হ’লেও দেশৰ পৰা বিজেপি চৰকাৰ ওফৰাব নোৱাৰে । ২৪ ত কেন্দ্ৰত পুনৰ নৰেন্দ্ৰ মোদীৰ নেতৃত্বতেই বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি সদৰী কৰে তেওঁ ।

আনহাতে উক্ত সন্মিলনৰ অন্তত সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত সাংসদ দিলীপ শইকীয়াই কেতবোৰ প্ৰসংগ সন্দৰ্ভত মত ব্যক্ত কৰে । নলবাৰী চহৰত বছৰি কৃত্ৰিম বানপানীয়ে জনতাক ত্রাহি মধুসূদন দেখুৱাই থকা সন্দৰ্ভত সাংসদগৰাকীয়ে এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ নলবাৰীৰ ৰাইজৰ পৰা কিছু সময় বিচাৰি ধৈৰ্য ধৰিবলৈ আহ্বান জনায় । তেওঁ কয় যে নলবাৰী চহৰক বান মুক্ত কৰিবলৈ ইতিমধ্যে চহৰখনৰ নলা নৰ্দমাবোৰৰ বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কাৰ্য প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷

সাংসদগৰাকীয়ে ২০০ কোটি টকাৰ আঁচনি প্ৰস্তুত কৰি প্ৰথম পৰ্যায়ৰ আঁচনিৰ ধন আৱন্টিত হৈ কাম-কাজ চলাই থকাৰ কথা ব্যক্ত কৰে । আগন্তক সময়ত নলবাৰী চহৰে বহুকেইটা নতুন পথৰ আৱন্টন লৈ এক উন্নত চহৰ হিচাপে পৰিগণিত হ’ব বুলি মত ব্যক্ত কৰে । আনহাতে বিদ্যুৎ মাচুলকে ধৰি সঘনাই হৈ থকা বিদ্যুৎ কৰ্তন সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নত সাংসদগৰাকীয়ে কয় যে, বিদ্যুতৰ চাহিদা অনুযায়ী অসমে বিদ্যুৎ বেলেগৰ পৰা ক্ৰয় কৰিব লাগে । অসম এতিয়াও বিদ্যুতৰ ক্ষেত্ৰত আনৰ ওপৰত নিৰ্ভৰশীল হৈ থকা বাবে ৰাইজে এনেকুৱা সমস্যাৰ সন্মুখীন হৈ আহিছে বুলি মত ব্যক্ত কৰে তেওঁ ।

আনহাতে স্মাৰ্ট মিটাৰ বিসংগতিকে ধৰি অত্যাধিক বিদ্যুৎ মাচুল বৃদ্ধিয়ে সাধাৰণ জনতাক কোঙা কৰা সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত দৃষ্টি ৰাখি অতি সোনকালে সকলো সমস্যা দূৰ কৰিব বুলি ব্যক্ত কৰে সাংসদ দিলীপ শইকীয়াই । বিদ্যুৎ মাচুল বৃদ্ধি সন্দৰ্ভত ৰাইজে পূৰ্বতকৈ অধিক ফেন, লাইট, কুলাৰ আদি ব্যৱহাৰ কৰা বাবেই বিদ্যুতৰ বিল বেছিকৈ আহিছে বুলি কয় তেওঁ । পূৰ্বতকৈ বৰ্তমানৰ চৰকাৰে বিদ্যুৎ যোগান বেছিকৈ ধৰিছে আৰু বিৰোধীয়েও এই ক্ষেত্ৰত শলাগিব লাগে বুলিও মত ব্যক্ত কৰে সাংসদ দিলীপ শইকীয়াই ।

লগতে পঢ়ক : Assam weather report: ডিমা হাছাও জিলাত পাঁচ দিনৰ বাবে বিদ্যালয় বন্ধৰ ঘোষণা জিলা প্ৰশাসনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.