ETV Bharat / state

পাগলাদিয়া নদীত জাপ দি আত্মহত্যা 17 বছৰীয়া কিশোৰীৰ

author img

By

Published : Jun 20, 2021, 1:55 PM IST

Updated : Jun 20, 2021, 2:14 PM IST

পাগলাদিয়া নদীত জাপ দি আত্মহত্য়া কিশোৰীৰ ৷ ফোন নম্বৰসহ চুইচাইড নোটত আত্মহত্যাৰ বাবে কোনো লোক দায়ী নহয় বুলি উল্লেখ ৷ আত্মহত্যাৰ কাৰণ জানিব পৰা হোৱা নাই ৷

suicide-a-17-years-old-girl-jumping-pagladiya-river
পাগলাদিয়া নদীত জাপ দি আত্মহত্যা 17 বছৰীয়া কিশোৰীৰ

নলবাৰী, 20 জুন : নলবাৰীত অঘটন । পাগলাদিয়া নদীত জাপ দিলে এগৰাকী সোতৰ বছৰীয়া কিশোৰীয়ে । নলবাৰী জিলাৰ কমাৰকুছিত সংঘটিত হৈছে এই ঘটনা ৷ কমাৰকুছিৰ পাগলাদিয়া নদীৰ দলঙৰ ওপৰত উদ্ধাৰ হৈছে ছুইচাইড নোটসহ এযোৰ চেণ্ডেল । কিশোৰী গৰাকীৰ নাম শিৱানী কলিতা বুলি জানিব পৰা গৈছে ৷ কিশোৰীগৰাকীৰ ঘৰ বৰভাগৰ বালা ডিঙডিঙিত বুলি চুইচাইড নোটত উল্লেখ আছে ।

উল্লেখ্য যে, এছডিআৰএফৰ বাহিনী ঘটনাস্থলীত উপস্থিত হৈ সন্ধানহীন কিশোৰীগৰাকীৰ উদ্ধাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈ কিশোৰগৰাকীৰ কোনো সন্ধান লাভ কৰা নাই ৷ মন কৰিবলগীয়া যে, বিগত 6 জুনতো একেখিনি ঠাইতে আত্মহত্যা কৰিছিল আন এজন যুৱকে । ইফালে কিশোৰীগৰাকীয়ে ফোন নম্বৰসহ চুইচাইড নোট লিখি কোনো লোক তেওঁৰ আত্মহত্যাৰ বাবে দায়ী নহয় বুলি উল্লেখ কৰিছে ৷

ইফালে দেওবাৰে লখিমপুৰতো এগৰাকী মেধাবী ছাত্ৰীয়ে আত্মহত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছে ৷ পৰীক্ষা বাতিল কৰাৰ বাবেই আত্মহননৰ পথ বাছি লোৱাৰ সন্দেহ কৰিছে পৰিয়াল তথা স্থানীয় লোকে । জানিব পৰা মতে, উন্নত মানৰ ফলাফলৰ আশাৰে কঠোৰ অধ্যয়ন কৰি HSLC পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ আশা কৰিছিল মেধাৱী ছাত্ৰীগৰাকীয়ে ।

কিন্তু শিক্ষা বিভাগে পৰীক্ষা বাতিল কৰাত নিৰাশ হৈ আত্মহননৰ পথ বাছি লোৱা বুলি সন্দেহ কৰিছে সকলোৱে । সম্প্ৰতি ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে । মেধাৱী ছাত্ৰীগৰাকীৰ এনে পদক্ষেপৰ পাচতে এতিয়া শোকত ভাগি পৰিছে পৰিয়াল তথা ওচৰ চুবুৰীয়া ৷

লগতে পঢ়ক : জৰাজীৰ্ণ অৱস্থাত কলাগুৰুৰ সমাধিস্থলী

Last Updated : Jun 20, 2021, 2:14 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.