ETV Bharat / state

নীতিন গাডকাৰীৰ বাহনত ঢোল-তবলাৰ হৰ্ণ লগোৱাৰ আহ্বান জুবিন গাৰ্গৰ

কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ বাহনত ঢোল-তবলাৰ হৰ্ণ লগাবলৈ আহ্বান যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰব জুবিন গাৰ্গৰ । কেন্দ্ৰীয় মন্ত্ৰীৰ নিৰ্দেশনা হাস্যকৰ বুলি আখ্যা জুবিন গাৰ্গৰ । শৃংখল চলিহা ভাল ল'ৰা বুলি মন্তব্য জুবিনৰ ।

zubeen garg
জুবিন গাৰ্গ
author img

By

Published : Sep 7, 2021, 9:26 PM IST

নগাঁও, 7 ছেপ্টেম্বৰ : কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ এটা নিৰ্দেশনাই যেন সৰ্বস্তৰৰ লোকৰ মাজতেই সৃষ্টি কৰিছে তোলপাৰ । ব্যক্তিগত, যাত্ৰীবাহী সকলো বাহনতেই হৰ্ণৰ শব্দ ঢোল, তবলা, চেহনাই আদি ব্যৱহাৰৰ নিৰ্দেশক লৈ মঙলবাৰে মন্তব্য কৰিছে যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰ'ব জুবিন গাৰ্গে ।

নীতিন গাডকাৰীৰ বাহনত ঢোল-তবলাৰ হৰ্ণ লগোৱাৰ আহ্বান জুবিন গাৰ্গৰ

কেন্দ্ৰীয় মন্ত্ৰীৰ এই নিৰ্দেশনা হাস্যকৰ বুলি মন্তব্য কৰিলে জুবিন গাৰ্গে । ‘‘হৰ্ণ সদায় হৰ্ণেই হ’ব লাগে । হৰ্ণৰ ঠাইত মিউজিক বজালে আমাৰ কামেই নাথাকিব’’ । কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক হৰ্ণৰ ঠাইত মিউজিক লগাবলৈ আহ্বান জনায় এইদৰে কয় কণ্ঠশিল্পী জুবিন গাৰ্গে । মঙলবাৰে সন্ধিয়া নগাঁৱৰ এলফিনিষ্টন চাৰিআলিত সীতাজখলাৰ এখন বিপনী মুকলি কৰি সংবাদ মাধ্যমৰ সন্মুখত কেইবাটাও মন্তব্য কৰে জুবিন গাৰ্গে ।

লগতে শৃংখল চলিহা সন্দৰ্ভতো মন্তব্য কৰে জুবিন গাৰ্গে । শৃংখল চলিহা এজন ভাল ল'ৰা বুলি মন্তব্য কৰে জুবিন গাৰ্গে । নগাঁৱত এটা চিনেমা হল নিৰ্মাণৰ পৰিকল্পনা আছে বুলি জুবিন গাৰ্গৰ লগতে মন্তব্য কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ।

লগতে পঢ়ক : সংৰক্ষিত গঁড়ৰ খড়্গ জ্বলাবলৈ প্ৰধানমন্ত্ৰী মোদীয়ে ক’লেও নামানে জুবিন গাৰ্গে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.