ETV Bharat / state

বিগত দুটা বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হ্ৰাস পাইছে গঁড় হত্যাৰ ঘটনা

author img

By

Published : Jan 1, 2021, 8:39 PM IST

Updated : Jan 1, 2021, 10:36 PM IST

২০২১ বৰ্ষৰ পহিলা জানুৱাৰীৰ দিনাই ৰাজ‍্য তথা দেশবাসীলৈ এটা সু-খবৰ ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত দুটা বনাঞ্চলৰ বিশেষ সফলতা ৷ বিগত দুটা বৰ্ষত গঁড়ৰ চোৰাং চিকাৰী প্ৰতিৰোধত সফল হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান কৰ্তৃপক্ষ, বন বিভাগ আৰু কলিয়াবৰ মহকুমা আৰক্ষী ৷

বিগত দুটা বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হ্ৰাস পাইছে গঁড় হত্যাৰ ঘটনা
বিগত দুটা বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হ্ৰাস পাইছে গঁড় হত্যাৰ ঘটনা

কলিয়াবৰ, 1 জানুৱাৰী: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নগাঁও জিলাৰ দুখন বনাঞ্চল ক্ৰমে বুঢ়াপাহাৰ আৰু বাগৰিত বিগত ২০১৮-২০১৯ আৰু ২০১৯-২০২০ বৰ্ষত চোৰাং চিকাৰীৰ কূটাঘাট প্ৰতিৰোধ কৰাত সক্ষম হৈছে বিভাগীয় কৰ্তৃপক্ষ । যি বতৰা ৰাজ্য চৰকাৰ তথা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষবাসীৰ বাবে এক সু-খবৰ ।

উল্লেখযোগ্য যে, বুঢ়াপাহাৰ বনাঞ্চল পূৰ্বৰে পৰা চোৰাং চিকাৰীৰ বাবে সহজ আছিল চিকাৰৰ বাবে । ইপিনে বনাঞ্চল খন স্পৰ্শকাতৰ বুলি চিহ্নিত হোৱাৰ পাচতো যোৱা দুটা বৰ্ষত চোৰাং চিকাৰী হাতত এটাও গঁড় নিধন নোহোৱাতো এক ইতিবাচক এক খবৰ কঢ়িয়াই আনিছে । বুঢ়াপাহাৰ বনাঞ্চলৰ বনাঞ্চলিক বিষয়া প্ৰদীপ কুমাৰ গোস্বামীয়ে গঁড় চিকাৰীৰ প্ৰতিৰোধৰ ক্ষেত্ৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান কৰ্তৃপক্ষ, কলিয়াবৰ মহকুমা প্ৰশাসন, মহকুমা আৰক্ষী প্ৰাশাসন, যুটীয়া বন বিভাগ, ৰাষ্ট্ৰীয় উদ‍্যানৰ দাঁতি কাষৰীয়া বাসিন্দা, গাঁওৰক্ষী বাহিনী আৰু স্বেচ্ছাসেৱী সংগঠনৰ মিলিত প্ৰচেষ্টাৰ ফলত এনে সফলতা লাভ কৰিছে বুলি জনায় । কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ সঞ্চালক পি. শিৱ কুমাৰ, বন সংমণ্ডল প্ৰাধিকাৰী বিষয়া ৰমেশ চন্দ্ৰ গগৈ, বাগৰি বনাঞ্চলৰ বনাঞ্চলিক বিষয়া পংকজ বৰুৱাৰ নামো এই ক্ষেত্ৰত উল্লেখ কৰিব লাগিব ।

এই বিশেষ সফলতাৰ আঁৰত আছে কেইবাজনো বিষয়াৰ বিশেষ প্ৰচেষ্টা। কলিয়াবৰ মহকুমাৰ আৰক্ষী বিষয়া মৃন্ময় দাসে কলিয়াবৰৰ বিভিন্ন ধৰণৰ হত্যা, চুৰিৰ ঘটনাকে ধৰি অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰখাৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড় তথা জীৱকূলক ৰক্ষণাবেক্ষণ দিয়ে ৷ ইয়াৰোপৰি গঁড় হত্যাকাৰীৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখি নিজৰ কৰ্মনিষ্ঠাৰ পৰিচয় দাঙি ধৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ এনে সন্মান কঢ়িয়াই আনিছে ।

দ্বিতীয়তে জখলাবন্ধা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপু কলিতাৰ বলিষ্ঠ পদক্ষেপে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান খনক নিৰাপত্তা দিয়াত যথেষ্ট অৰিহণা যোগাইছে । ২৪ ঘণ্টাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড়কে ধৰি জীৱকূলৰ সুৰক্ষাৰ দায়িত্বত নিজকে ব্ৰতী ৰখাৰ লগতে জখলাবন্ধা আৰক্ষী থানাৰ এলেকাধীন অঞ্চল সমূহৰ হত্যা, চুৰিৰ ঘটনাকে ধৰি বিভিন্ন ধৰণৰ অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে নিজৰ দায়িত্ব পালন কৰি জখলাবন্ধা অঞ্চলৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সেৱা আগবঢ়াই গৈছে । এই ক্ষেত্ৰত ছাঁটোৰ দৰে সহযোগ কৰিছে বাগৰি টহলদাৰী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিপ্লৱ কোঁৱৰে । তদুপৰি নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা কলিয়াবৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি বিতোপন নেওগেও সততে ৰাষ্ট্ৰীয় উদ‍্যান কৰ্তৃপক্ষৰে যোগাযোগ ৰাখি অসামৰিক প্ৰশাসনিক দিশসমূহত দাঁতিকাষৰীয়া বাসিন্দাৰ সহায়-সহযোগত বিশেষভাবে সহায়-সহযোগ আগবঢ়াই আহিছে ।

উল্লেখযোগ‍্য যে, বিগত বছৰটোত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনত মাত্ৰ ২ টা গঁড় চোৰাং চিকাৰীৰ হাতত নিহত হয়। দুয়োটা গঁড় হত‍্যা গোলাঘাট জিলাৰ অৰ্ন্তগত বনাঞ্চল কঁহৰা আৰু অগৰাতলীত সংঘটিত হয় । ৰাষ্ট্ৰীয় উদ্যানখনৰ অন্তৰ্গত ৬৬ টা গোচৰ গঁড় হত্যা সংক্ৰান্তীয়, ইয়াৰে ১৭ টা গঁড় চিকাৰৰ । আনহাতে, উদ্যানখনৰ পৰা ৯৫ জন লোক আটক কৰা হয় ৷ ইয়াৰ ভিতৰত ৩৮ জন গঁড় চিকাৰৰ লগত জড়িত । আপুৰুগীয়া জীৱ গঁড় সংৰক্ষণৰ এই মিলিত প্ৰচেষ্টাত ধাৰাবাহিকতা বৰ্তাই ৰখাৰ লগতে সমগ্ৰ কাজিৰঙাতে গঁড়ৰ চোৰাং চিকাৰ ৰোধ হওক তাকেই কামনা কৰিছে প্ৰকৃতিপ্ৰেমী ৰাইজে ।

লগতে পঢ়ক: ক'ভিড প্ৰট'কল মানি আৰম্ভ হ'ল বিদ্যালয়ৰ পাঠদান

Last Updated : Jan 1, 2021, 10:36 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.