ETV Bharat / state

কামপুৰত শোকাৱহ ঘটনা: কপিলীত সলিল সমাধি দুই যুৱকৰ - কপিলীত গা ধুবলৈ মৃত্যুৰ মুখত পৰিল দুই যুৱক

কামপুৰৰ মাজঘিলানীত শোকাৱহ ঘটনা । কপিলীত গা ধুবলৈ গৈ মৃত্যুৰ মুখত পৰিল দুই যুৱক (Youths died while bathing in Kapili river)। অঞ্চলজুৰি শোকৰ ছাঁ ।

two-youths-died-while-bathing-in-kapili-river
কামপুৰত শোকাৱহ ঘটনা! কপিলী নদীত গা ধুবলৈ গৈ কৰুণ মৃত্যুক সাৱটিলে দুই যুৱকে
author img

By

Published : May 9, 2022, 10:31 PM IST

নগাঁও, 9 মে' : কামপুৰৰ মাজঘিলানীত সোমবাৰে সংঘটিত হয় এক শোকাৱহ ঘটনা । কপিলী নৈত গা ধুবলৈ গৈ নৈৰ পকনীয়াত সোমাই কৰুণ মৃত্যুক সাৱটিলে দুই যুৱকে (Two youths died while bathing in Kapili river) ৷ মৃত যুৱক দুজনৰ নাম পাৰভেশ আহমেদ(১৭) আৰু নগাঁৱৰ ডিমৰুগুৰিৰ ফৰিদ আহমেদ(২০) বুলি জানিব পৰা গৈছে ৷

জানিব পৰা মতে, কামপুৰৰ ঘিলানীৰ পাৰভেশৰ ঘৰলৈ ফুৰিবলৈ আহিছিল ফৰিদ আহমেদ নামৰ যুৱকজন । সোমবাৰে দুপৰীয়া যুৱক দুজনে ঘৰৰ পৰা ওলাই গৈ গৰমৰ পৰা সকাহ পাবলৈ গা ধুবলৈ নামি গৈছিল কপিলী নৈত । তেনে সময়তে যুৱক দুজনে গা ধুই থকা অৱস্থাত পকনীয়াত সোমোৱাৰ ফলত সংঘটিত হয় এই অঘটন ।

ইয়াৰ পিছতে স্থানীয় লোকে নৈত যুৱক দুজনক প্ৰত্যক্ষ কৰাৰ পিছতে দুয়োকে উদ্ধাৰ কৰি ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে দুয়োজনকে মৃত ঘোষণা কৰে । ইয়াৰ পিছতে যুৱক দুজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে । সোমবাৰে সংঘটিত হোৱা এই ঘটনাক লৈ সমগ্ৰ কামপুৰ তথা ঘিলানী অঞ্চলত শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক : পথ নিৰ্মাণত ভয়ানক দুৰ্নীতি: নিৰ্মাণৰ পাছতেই জহি খহি গ'ল পথ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.