ETV Bharat / state

Anti national activities: দেশ বিৰোধী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত আটক নগাঁৱৰ যুৱক - youth arrested from Nagaon

পাকিস্তানৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি দেশ বিৰোধী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত আটক নগাঁৱৰ যুৱক ৷ নাম ইকবাল হুছেইন ৷

Anti nation activities
আটক ইকবাল হুছেইন
author img

By ETV Bharat Assamese Team

Published : Sep 21, 2023, 8:01 AM IST

Updated : Sep 21, 2023, 8:56 AM IST

নগাঁও, 21 ছেপ্টেম্বৰ : পাকিস্তানৰ যুৱকৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি দেশ বিৰোধী কাৰ্য কলাপত লিপ্ত থকাৰ অভিযোগত CID ৰ জালত পৰিছে এজন যুৱক । ওড়িশাৰ CID ৰ এটা দল আৰু জাজৰি আৰক্ষীৰ অভিযানত আটক কৰে ইকবাল হুছেইন নামৰ যুৱকজনক । ধৃত ইকবাল হুছেইনৰ ঘৰ বটদ্ৰৱাৰ গেন্ধুৱা পথাৰত বুলি জানিব পৰা গৈছে ৷

অভিযোগ অনুসৰি, ধৃত ইকবাল হুছেইনে পাকিস্তানৰ আব্দুল হামিদ নামৰ এজন যুৱকৰ সৈতে যুক্ত হৈ দেশ বিৰোধী কাৰ্য কলাপত লিপ্ত থকাৰ লগতে তথ্য যোগান ধৰি আহিছিল ৷ এই অভিযোগৰ ভিত্তিতে আটক হয় ইকবাল হুছেইনক । আটকাধীন ইকবাল হুছেইনে বিগত সময়ত বেংগালুৰুত কৰ্মৰত হৈ আছিল ৷ অৱশ্যে পৰৱৰ্তী পৰ্যায়ত কবাল হুছেইনে বটদ্ৰৱাৰ গেন্ধোৱা পথাৰৰ নিজা বাসগৃহত আত্মগোপন কৰি আছিল ।

বৰ্তমান ওড়িশাৰ CID ৰ এটা দলে আৰু অধিক তথ্যৰ বাবে জাজৰি আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে ধৃত যুৱকজনক । নগাঁৱৰ বটদ্ৰৱাৰ যুৱকে পাকিস্তানৰ যুৱকৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি দেশ বিৰোধী কাৰ্যকালপত জড়িত হোৱাৰ অভিযোগৰ এই বাতৰিয়ে এতিয়া ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ নগাঁও জিলাত ।

আনহাতে যোৱা 2 বছৰ 4 মাহত অসমত জাতিবিৰোধী বা উগ্ৰপন্থী কাৰ্যকলাপৰ সৈতে জড়িত বা সম্পৰ্ক থকাৰ বাবে প্ৰায় 390 জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। সেই 390 জনৰ ভিতৰত কোকৰাঝাৰৰ পৰা 52 জন, ওদালগুৰিৰ পৰা 43 জন, ডিমা হাচাওৰ পৰা 40 জন, বৰপেটাৰ পৰা 38 জন, তিনিচুকীয়াৰ পৰা 30 জন আৰু বাক্সা জিলাৰ 29 জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে । অসম বিধানসভাৰ শৰৎকালীন অধিবেশনৰ প্ৰথম দিনটোত বিধায়ক আব্দুৰ ৰছিদ মণ্ডলৰ এক লিখিত প্ৰশ্নৰ উত্তৰত এই তথ্যসমূহ প্ৰদান কৰিছিল অসমৰ মুখ্যমন্ত্ৰীয়ে ।

ইফালে কিছুদিন পূৰ্বে NIA য়ে ফাদিল কৰা তথ্যত অসমৰ লগতে 5 ৰাজ্যৰ যুৱক আল-কায়দাত যোগদানৰ এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছিল । NIA ৰ তথ্য অনুসৰি, তামিলনাডু, মহাৰাষ্ট্ৰ, কৰ্ণাটক, গুজৰাট আৰু অসমৰ যুৱকক অনলাইনৰ জৰিয়তে লক্ষ্য কৰি লৈছে এই নিষিদ্ধ সংগঠনে ।

এক গোপন এপৰ জৰিয়তে যুৱকক আকৰ্ষণৰ চেষ্টা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে । তেহৰিক-ই-তালিবান আৰু আল-কায়দাই যুৱ প্ৰজন্মক প্ৰৰোচনাৰ চেষ্টা কৰিছে । বৰ্তমান পাক-আফগানিস্তান সীমান্তত সক্ৰিয় হৈ আছে এই দুয়োটা সংগঠন ৷

লগতে পঢ়ক : Youths from Assam join Al Qaeda : 'আল-কায়দাৰ সৈতে যোগসূত্ৰ আছে কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ'-পীযুষ হাজৰীকা

Last Updated : Sep 21, 2023, 8:56 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.