ETV Bharat / state

যুৱ-ব্যৱসায়ীৰ ৰহস্যজনক নিৰুদ্দেশ; তদন্ত বিচাৰি প্ৰতিবাদ আমনিত - যুৱ ব্যৱসায়ীৰ ৰহস্যজনক নিৰুদ্দেশ

আমনিৰ যুৱ ব্যৱসায়ী শৈলেশ ৰায় নিৰুদ্দেশ হৈছে নে তেওঁক অপহৰণ কৰা হৈছে ? প্ৰাতঃভ্ৰমণলে গৈ নিখোঁজ হোৱাৰ আজি 12 দিনেই হ'ল ৷ মুখ্যমন্ত্ৰী হস্তক্ষেপত যুৱক গৰাকীৰ নিৰুদ্দেশৰ তদন্ত বিচাৰি নগাঁও জিলাৰ আমনিত ৰাইজৰ প্ৰতিবাদ ৷

Young businessman mysterious disappearance
যুৱ-ব্যৱসায়ীৰ ৰহস্যজনক নিৰুদ্দেশ
author img

By

Published : Aug 12, 2021, 6:00 PM IST

চামগুৰি, 12 আগষ্ট : এগৰাকী যুৱ-ব্যৱসায়ীৰ ৰহস্যজনকভাৱে নিৰুদ্দেশ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে নগাঁও জিলাৰ আমনিত ৷ 12 দিনৰ পূৰ্বে নিৰুদ্দেশ হোৱা যুৱ ব্যৱসায়ীগৰাকীৰ সন্ধান আজি পৰ্যন্ত লাভ কৰা নাই ৷ যাৰ বাবে যুৱক জনক অপহৰণ কৰাৰ বুলি অভিযোগ তুলি বৃহস্পতিবাৰে ৰাইজৰ সহযোগত আমনিৰ ব্যৱসায়ী সকলে প্ৰতিবাদ সাব্যস্ত কৰে ৷

নিৰুদ্দেশ হোৱা যুৱকজনৰ নাম সঞ্জিৎ ওৰফে শৈলেশ ৰায় ৷ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত আমনিত অৱস্থিত মঞ্জিৎ নামৰ এখন ধাবাৰ স্বত্বাধিকাৰী আছিল ৩৫ বছৰীয়া যুৱকজন ৷ আমনি ব্যৱসায়ী সন্থাৰ সদস্য তথা যুৱ ব্যৱসায়ী গৰাকীয়ে 12 দিনৰ পূৰ্বে পুৱা প্ৰায় ৫.৩০ বজাত নিজৰ ধাবাখন খুলিয়েই প্ৰাতঃভ্ৰমণলৈ ওলাই গৈছিল ৷

লগতে পঢ়ক: জনা নজনা : একেৰাহে 108 মিনিট ধৰি চলা এখন বক্সিং মেচ

কিন্তু প্ৰাতঃভ্ৰমণলৈ যোৱাৰ পাচৰে পৰা আজি পৰ্যন্ত কোৱা সন্ধান নাই শৈলেশ ৰায়ৰ ৷ পৰিয়ালৰ লোকৰ লগতে যুৱক গৰাকীৰ সতীৰ্থ সকলে বিচাৰ-খোচাৰ কৰিও কোনো শুংসূত্ৰ লাভ কৰা নাই ৷ ইফালে নগাঁও আৰক্ষীয়ে পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিত যুৱক গৰাকীৰ সন্ধান উলিয়াবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও সফল হ'ব পৰা নাই ৷

গতিকে এই এনে ক্ষেত্ৰত চামগুৰি আৰক্ষী তথা নগাঁও জিলাৰ আৰক্ষীয়ে যুৱক জনৰ প্ৰাৰম্ভিক অনুসন্ধানৰ ক্ষেত্ৰত চূড়ান্তভাৱে ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি আমনিৰ ৰাজপথত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে শতাধিক স্থানীয় ৰাইজে ৷

যুৱ-ব্যৱসায়ীৰ ৰহস্যজনক নিৰুদ্দেশ

আমনি ব্যৱসায়ী সন্থাৰ উদ্যোগত তথা স্থানীয় বিভিন্ন দল সংগঠনৰ সহযোগত বুধবাৰে ৰাজপথ অৱৰোধ কৰাৰ লগতে উলিওৱা হয় এক প্ৰতিবাদী সমদল । যুৱ ব্যৱসায়ী গৰাকীৰ নিৰুদ্দেশ হোৱা ঘটনাৰ তদন্ত বিচাৰি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে আমনিৰ ৰাইজে ৷

সকলোৰে কেৱল এটাই দাবী যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ হস্তক্ষেপত অমিনৰ যুৱ ব্যৱসায়ী নিৰুদ্দেশ ঘটনাৰ ক্ষীপ্ৰতাৰে তদন্ত কৰি যুৱক জনক শীঘ্ৰেই উদ্ধাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৷ ৰাইজৰ এনে প্ৰতিবাদী কাৰ্যসূচীৰ ফলত এক উত্তাল পৰিবেশৰ সৃষ্টি হয় নগাঁও জিলাৰ আমনিত ।

লগতে পঢ়ক: শিক্ষাৰ্থীয়ে ঘেৰাও কৰিলে প্রধান শিক্ষকৰ বাসগৃহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.