ETV Bharat / state

ক্ষুদ্ৰতম সিংহাসন নিৰ্মাণৰ অভিলেখ ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত

author img

By

Published : Dec 23, 2020, 10:37 AM IST

Updated : Dec 23, 2020, 12:31 PM IST

থুজা কাঠেৰে 1ফুট বৰ্গাকাৰ আৰু 1ফুট 2 ইঞ্চি উচ্চতাৰ সাতখলপীয়া ক্ষুদ্ৰতম সিংহাসন নিৰ্মাণেৰে চামগুৰিৰ কুমাৰগাঁৱৰ বিপুল কুমাৰ বৰাই নিজৰ নাম সন্নিবিষ্ট কৰিলে ইণ্ডিয়া বুক অফ ৰেকৰ্ডত ৷ সিংহাসনখনত 4টা কাছ,28 টা হাতী আৰু 28 টা নামসিংহ অতি ক্ষুদ্ৰ ক্ষুদ্ৰকৈ কাঠত কাটি সংলগ্ন কৰাত সিংহাসনখনে বিশেষ চৰ্চা লাভ কৰিছিল ৷

young boy of nagaon he had Enter his name in India Book of Records
ক্ষুদ্ৰতম সিংহাসন নিৰ্মাণেৰে নিজৰ নাম সন্নিবিষ্ট কৰিলে ইণ্ডিয়া বুক অফ ৰেকৰ্ডত

চামগুৰি,23 ডিচেম্বৰ: অপূৰ্ব সৃষ্টিৰাজিৰে নিজৰ নাম ইণ্ডিয়া বুক অফ ৰেকৰ্ডত সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে চামগুৰিৰ এগৰাকী শিল্পীয়ে । চামগুৰিৰ শিঙীয়া কুমাৰগাঁৱৰ বিপুল কুমাৰ বৰা নামৰ শিল্পী গৰাকীয়ে ল'ক ডাউনৰ সময়চোৱাত 1ফুট বৰ্গাকাৰ আৰু 1ফুট 2 ইঞ্চি উচ্চতাৰ সাতখলপীয়া এখন ক্ষুদ্ৰতম সিংহাসন কাঠেৰে নিৰ্মাণ কৰিছিল ৷ থুজা কাঠেৰে নিৰ্মাণ কৰা সাতখলপীয়া সিংহাসনখনত 4 টা কাছ,28 টা হাতী আৰু 28 টা নামসিংহ অতি ক্ষুদ্ৰ ক্ষুদ্ৰকৈ কাঠত কাটি সংলগ্ন কৰিছিল ৷ 1ইঞ্চি উচ্চতাৰ নামসিংহ সংলগ্ন কৰা সিংহাসন খনে বিশেষ চৰ্চা লাভ কৰিছিল ৷

ক্ষুদ্ৰতম সিংহাসন নিৰ্মাণৰ অভিলেখ ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত

তাৰ মাজতে একাংশই এই সিংহাসন খনেই আটাইতকৈ ক্ষুদ্ৰতম সিংহাসন বুলি দাবী কৰিছিল ৷ ইয়াৰ মাজতে বিপুল কুমাৰ বৰাই থুজা কাঠেৰে নিৰ্মাণ কৰা সিংহাসন খনে ক্ষুদ্ৰতম সিংহাসন বুলি স্বীকৃতি লাভ কৰাৰ লগতে নিজৰ নাম ইণ্ডিয়া বুক অফ ৰেকৰ্ডত সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে ৷ এই খবৰ বিয়পি পৰাৰ লগে লগে উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে চামগুৰিত ।

লগতে পঢ়ক: আহি আছে জুবিন গাৰ্গৰ"ৰাজনীতি"

Last Updated : Dec 23, 2020, 12:31 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.