ETV Bharat / state

নগাঁৱৰ জি ডি নাৰ্ছিং হ’মত উত্তেজনাঃচিকিৎসকৰ ভুলৰ বাবে মৃত্যু ৰোগীৰ - মামণি ৰয়চম গোস্বামী

নগাঁৱৰ জি ডি নাৰ্ছিংহ’মত সোমবাৰে সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷ ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি ভুল চিকিৎসাৰ অভিযোগ তুলি এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৰোগীৰ আত্মীয় ৷ একমাত্ৰ ধনৰ লালসাতে জি ডি নাৰ্ছিংহ’ম কৰ্তৃপক্ষই ৰোগীক পৰিকল্পিত ভাবে নগাঁৱত ৰখাৰ অভিযোগ ৰোগীৰ আত্মীয়ৰ ৷

WRONG TREATMENT IN HOSPITAL
নগাঁৱৰ জি ডি নাৰ্ছিং হ’মত উত্তেজনাঃচিকিৎসকৰ ভুলৰ বাবে মৃত্যু ৰোগীৰ
author img

By

Published : Feb 8, 2021, 10:25 PM IST

নগাঁও,8ফেব্ৰুৱাৰী:নগাঁৱৰ জি ডি হস্পিতালত সোমবাৰে সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷ ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি ভুল চিকিৎসাৰ অভিযোগ তুলি এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৰোগীৰ আত্মীয়ই৷জানিব পৰা মতে,কেইদিনমান পূৰ্বে এটি দেৱশিশু জন্ম দিছিল জাজৰিৰ মমতা দাস নামৰ এগৰাকী মহিলাই ৷ কিন্তু ইয়াৰ পিছতে হঠাৎ মহিলাগৰাকী অসুস্থ হৈ পৰাত মহিলাগৰাকীক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় নগাঁৱস্থিত জি ডি নাৰ্ছিং হ’মত ৷ ইপিনে ICUত চিকিৎসাধীন মহিলা গৰাকীক পৰিয়ালৰ লোকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিব বিচাৰিছিল যদিও নাৰ্চিং হ'মখনৰ কৰ্তৃপক্ষই নিবলৈ নিদি মহিলাগৰাকীক ভেণ্টিলেশ্যনত ৰাখি থয় ৷

কিন্তু সোমবাৰে মহিলা গৰাকী মৃত্যু হোৱাত উত্তেজিত হৈ পৰে মহিলাগৰাকী আত্মীয় ৷ পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে সমগ্ৰ পৰিস্থিতি ৷ পৰিয়ালৰ অভিযোগ একমাত্ৰ ধনৰ লালসাতে জি ডি নাৰ্ছিংহোম কৰ্তৃপক্ষই মহিলাগৰাকীক পৰিকল্পিতভাৱে নগাঁৱত ৰখাৰ লগতে চিকিৎসকৰ ভুল চিকিৎসাৰ বাবেই মহিলাগৰাকীৰ মৃত্যু হোৱা বুলি অভিযোগ তুলি ঘটনাৰ তদন্তৰ দাবী জনায় ৷

নগাঁৱৰ জি ডি নাৰ্ছিং হ’মত উত্তেজনাঃচিকিৎসকৰ ভুলৰ বাবে মৃত্যু ৰোগীৰ

আনহাতে,তাৎপৰ্যপূৰ্ণভাৱে নাৰ্ছিংহোম কৰ্তৃপক্ষই মহিলাগৰাকীৰ আত্মীয়ক ভেন্টিলেশ্যন মানেই মৃত্যু বুলি কৈ সুধাকণ্ঠ ভূপেন হাজৰিকা আৰু মামণি ৰয়চম গোস্বামীক ভেন্টিলেশ্যনত ৰাখিও বচাব পৰা নাছিল অদ্ভূত মন্তব্য কৰাত আৰু অধিক ক্ষোভিত হৈ পৰে মহিলাগৰাকীৰ আত্মীয় ৷

উল্লেখযোগ্য যে,নগাঁৱৰ হয়বৰগাঁৱস্থিত জি ডি নাৰ্ছিংহোমত পূৰ্বেও বহুবাৰ ভুল চিকিৎসাৰ অভিযোগত উত্তেজনাৰ সৃষ্টি হৈছিল ৷ আনকি পূৰ্বে নাৰ্ছিং হোমখনৰ আচবাব ভাঙি লণ্ড-ভণ্ড কৰাৰ দৰে ঘটনাও সংঘটিত হৈছিল ৷ এই ঘটনা সন্দৰ্ভত নাৰ্চিংহোমখনৰ বিৰুদ্ধে আৰক্ষীয়ে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সময়ত লক্ষণীয় হ'ব ৷

লগতে পঢ়কঃঅসম লোকসেৱা আয়োগৰ নতুন অধ্যক্ষ ৰাজীৱ কুমাৰ বৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.