নগাঁও,13 অক্টোবৰঃ উল্লেখযোগ্য যে, নগাঁও জিলাৰ ঘাঁহীৰ এগৰাকী মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি নগাঁৱত অব্যাহত আছে প্ৰতিক্ৰিয়া । জানিব পৰা মতে, শুকুৰবাৰে গাওঁখনৰ জিণ্টি দাস শৰ্মা নামৰ এগৰাকী মহিলাৰ ভৰিৰ অস্ত্ৰোপচাৰ সম্পন্ন হৈছিল নগাঁৱৰ হয়বৰগাঁৱ স্থিত পি কে বি নাৰ্ছিং হোমত । অস্ত্ৰোপচাৰ সম্পন্ন কৰাৰ পিছত হঠাৎ মহিলাগৰাকীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিয়াৰ পৰামৰ্শ দিয়ে চিকিৎসালয় কৰ্তৃপক্ষই। সেইমৰ্মে গুৱাহাটীৰ এখন উন্নত চিকিৎসালয়ত ভৰ্তি কৰে যদিও মহিলাগৰাকীৰ বৃক্ক বিকল হোৱা বুলি অৱগত কৰে পৰিয়ালৰ লোকক।

দেওবাৰে নিশালৈ মহিলাগৰাকীৰ মৃত্যু হোৱাৰ পিছত নিশাই নগাঁৱৰ পি কে বি নাৰ্ছিং হোমত ভুল চিকিৎসাৰ বলি হোৱাৰ অভিযোগ তুলি কৰি ঘাঁহী অঞ্চলৰ একাংশ লোক উপস্থিত হৈ উত্তপ্ত পৰিস্থিতিৰ স়ষ্টি কৰে পি কে বি নাৰ্ছিং হোমত। পৰৱৰ্তী সময়ত আৰক্ষীৰ তৎপৰতাতহে পৰিস্থিতি নিয়ন্ত্ৰণ হয়। ইপিনে মহিলাগৰাকীৰ মৃত্যুৰ তদন্তৰ দাবী জনাইছে পৰিয়ালৰ লগতে স্থানীয় লোকে।