ETV Bharat / state

বিশ্ব পৰ্যটন দিৱস: কলিয়াবৰত "ঐতিহ্য সজাগতা অনুষ্ঠান, 2019" সম্পন্ন

author img

By

Published : Sep 27, 2019, 11:08 PM IST

ঐতিহাসিক সমলসমূহ সংৰক্ষণত গুৰুত্ব সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তৰ ৷

বিশ্ব পৰ্যটন দিৱস: কলিয়াবৰত "ঐতিহ্য সজাগতা অনুষ্ঠান, 2019" সম্পন্ন

কলিয়াবৰ, 27 ছেপ্তেম্বৰ: শুকুৰবাৰে বিশ্ব পৰ্যটন দিৱস উপলক্ষে কলিয়াবৰত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ প্ৰত্নতত্ব সঞ্চালকালয়ৰ উদ্যোগত তথা কলিয়াবৰ মহকুমা প্ৰশাসনৰ সহযোগত আমনিস্থিত ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায়, "ঐতিহ্য সজাগতা অনুষ্ঠান, 2019"৷ অনুষ্ঠানটিত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰে স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ জল সম্পদ, বিজ্ঞান আৰু প্ৰযুক্তি তথা সাংস্কৃতিক দপ্তৰৰ মন্ত্ৰী শ্ৰী কেশৱ মহন্তই ৷ নিজৰ ভাষণত তেওঁ কলিয়াবৰৰ প্ৰত্নতত্ব, ঐতিহাসিক সমলসমূহক সংৰক্ষণ আৰু সংবৰ্দ্ধনৰ জৰিয়তে পৰ্যটনৰ কেন্দ্ৰ ৰূপে গঢ়ি তোলাৰ পোষকতা কৰে ৷

বিশ্ব পৰ্যটন দিৱস: কলিয়াবৰত "ঐতিহ্য সজাগতা অনুষ্ঠান, 2019" সম্পন্ন

অনুষ্ঠানটিত সন্মানীয় অতিথি ৰূপে অংশগ্ৰহণ কৰি কলিয়াবৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা প্ৰাক্তন মন্ত্ৰী গুণীণ হাজৰিকাই কলিয়াবৰৰ ঐতিহাসিক সমলসমূহৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা বিষয়ত এক মনোজ্ঞ বক্তৃতা প্ৰদান কৰে । সভাত ডিব্ৰগড় বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপিকা ড' শীলা বৰা, শিক্ষাবিদ ড' নৃপেন চন্দ্ৰ দাস, ড' জোনালী দেৱী আদিৰ দৰে সমল ব্যক্তিসকল উপস্থিত থাকে৷ সভাত নগাঁও জিলাৰ উপায়ুক্ত যাদৱ শইকীয়াও উপস্থিত থাকি নিজৰ বক্তব্য আগবঢ়াই ৷

Intro:কলিয়াবৰত বিশ্ব পৰ্য‍্যটন দিৱসত "ঐতিহ‍্য সজাগতা অনুষ্ঠান, ২০১৯"

কলিয়াবৰৰ প্ৰত্নতত্ব, ঐতিহাসিক সমলসমূহক সংৰক্ষণ আৰু সংবৰ্দ্ধনৰ জৰিয়তে পৰ্য‍্যটনৰ কেন্দ্ৰ বিন্দু কৰাৰ প্ৰয়াস

সাংস্কৃতিক পৰিক্ৰমা (প্ৰত্নতত্ব আৰু পুথিভঁৰাল) বিভাগৰ মন্ত্ৰী কেশৱ মহন্তৰ বিশেষ উদ‍্যোগBody:কলিয়াবৰ মহকুমা প্ৰশাসনৰ সহযোগত
অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অধীনৰ প্ৰত্নতত্ব সঞ্চালকালয়ৰ উদ‍্যোগত শুক্ৰবাৰে আমনি স্থিত ৰাজ‍্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ প্ৰেক্ষাগৃহত "ঐতিহ‍্য সজাগতা অনুষ্ঠান, ২০১৯" শীৰ্ষক এক অনুষ্ঠান সম্পন্ন হয়।

অনুষ্ঠানত মুখ‍্য অতিথি ৰূপে গ্ৰহণ কৰে স্থানীয় বিধায়ক, জল সম্পদ, বিজ্ঞান আৰু প্ৰযুক্তি, তথ‍্য প্ৰযুক্তি তথা সাংস্কৃতিক পৰিক্ৰমা (প্ৰত্নতত্ব আৰু পুথিভঁৰাল) বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই।

সন্মানীয় অতিথি ৰূপে অংশগ্ৰহণ কৰে কলিয়াবৰ মহাবিদ‍্যালয়ৰ প্ৰাক্তন ইতিহাস বিভাগৰ অৱসৰপ্ৰাপ্ত অধ‍্যাপক, লেখক তথা প্ৰাক্তন মন্ত্ৰী গুণীন হাজৰিকাই কলিয়াবৰৰ ঐতিহাসিক সমলসমূহৰ সংৰক্ষণৰ লগতে পৰ্য‍্যটন প্ৰতি সজাগতৰ প্ৰয়োজনীয়তা বিষয়ত এক মনোজ্ঞ বক্তৃতা প্ৰদান কৰে।

অনুষ্ঠানত অংশগ্ৰহণ কৰা সমল ব‍্যক্তিসকল আছিল – ডিব্ৰুগড় বিশ্ববিদ‍্যালয়ৰ বুৰঞ্জী বিভাগৰ অৱসৰপ্ৰাপ্ত মূৰব্বী অধ‍্যাপিকা ড০ শীলা বৰা, বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ‍্যালয়, পুৰণিগুদামৰ অধ‍্যক্ষ ড০ নৃপেন চন্দ্ৰ দাস, ড০ জোনালী দেৱী সহযোগী অধ‍্যাপিকা, নৃ-তত্ব বিভাগ, কটন মহাবিদ‍্যালয়।

কলিয়াবৰৰ প্ৰত্নতাত্বিক সমলসমূহৰ বিষয়ে আলোকপাত কৰে কলিয়াবৰ সাহিত‍্য সভাৰ সম্পাদক নৱীন বৰঠাকুৰে।

কলিয়াবৰৰ বিশিষ্ট নিৱন্ধকাৰ বিপূল কুমাৰ ভট্টাচৰ্য‍্যই "কলিয়াবৰৰ ঐতিহাসিক সমল আৰু লিপিসমূহ"ৰ ওপৰত আলোকপাত কৰে।

নগাঁও জিলাৰ উপায়ুক্ত যাদৱ শইকীয়াই বক্তব‍্য প্ৰদান কৰে। কাজিৰঙা কেন্দ্ৰীক পৰ্য‍্যটনৰ লগতে নগাঁও জিলাৰ ঐতিহাসিকসমলসমূক পৰ্য‍্যটনৰ সমল ৰূপে ব‍্যৱহাৰ কৰিব পাৰি।

অনুষ্ঠানত আন কেইবাগৰাকী সমল ব‍্যক্তিয়ে প্ৰত্নতত্ব বিষয়ক বক্তব‍্য আগবঢ়ায়। Conclusion:visuals 5
bite 1
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.