নগাঁও, 19 জুলাইঃ কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ ওপৰত নগাওঁ মহাবিদ্যালয়ত ৰাজ্যিক পৰ্যায়ৰ এক কৰ্মশালা অনুষ্ঠিত কৰা হয় । নগাঁও মহাবিদ্যালয়ৰ হীৰক জয়ন্তীৰ লগত সংগতি ৰাখি আয়োজন কৰা কৰ্মশালাখন উদ্বোধন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মৃদুল হাজৰিকাই ৷ অনুষ্ঠানৰ ভাষণত উপাচাৰ্যগৰাকীয়ে আধুনিক কাৰিকৰী শিক্ষাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি কাৰিকৰীৰ অত্যাধিক ব্যৱহাৰে সৃষ্টিৰ ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পেলাই বুলি মন্তব্য কৰে ।
ইয়াৰোপৰি শিক্ষকসকলে এন আৰ চি অথবা নিৰ্বাচনী কামত নিয়োজিত হোৱাটো প্ৰয়োজন বুলিও উল্লেখ কৰি এনে ব্যৱস্থাই শিক্ষাব্যৱস্থাতো কিছু প্ৰভাৱ পেলাই বুলিও মন্তব্য কৰে । কেন্দ্ৰীয় চৰকাৰে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি ঘোষণা কৰাৰ পিছত নগাঁও মহাবিদ্যালয়ে আয়োজন কৰা এই কৰ্মশালা এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলিও উল্লেখ কৰি উপাচাৰ্য মৃদুল হাজৰিকাই বহুক্ষেত্ৰত পিছপৰা উত্তৰ পূৰ্বাঞ্চলক ৰাষ্ট্রীয় পৰ্যায়ত আগুৱাই যাবলৈ চৰকাৰে সহায় আগবঢ়াব লাগিব বুলি মন্তব্য কৰে ।
নতুন ৰাষ্ট্ৰীয় শিক্ষা ব্যৱস্থাই সৃষ্টি কৰিব পৰা প্ৰত্যাহ্বান অতিক্রম কৰিবলৈ ল'বলগীয়া প্ৰস্তুতি সন্দৰ্ভত আলোকপাত কৰা হয় এই কৰ্মশালাত । ৰাজ্যৰ মুঠ ২১ খন মহাবিদ্যালয়ৰ অধ্যক্ষ, অধ্যাপক, অধ্যাপিকাই অংশগ্ৰহণ কৰা কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানৰ আঁত ধৰে নগাঁও মহাবিদ্যালয়ৰ অধ্যাপক ডঃ চিন্তামণি শৰ্মাই । অসম কলেজ শিক্ষক সন্থাৰ সভাপতি বিশ্বজিৎ ভূঞাও অংশগ্ৰহণ কৰে এই কৰ্মশালাত ।