ETV Bharat / state

Wood Craft Artist: দেৱতাৰ মূৰ্তিৰ অবিকল ৰূপ দিয়াত ব্য়স্ত প্ৰদীপ হাজৰিকা

author img

By

Published : May 4, 2023, 3:48 PM IST

অসমৰ ঐতিহ‍্যমণ্ডিত কাঠ-বাঁহ শিল্পক নতুনত্ব প্ৰদানত আগ্ৰহী কলিয়াবৰৰ খনিকৰ প্ৰদীপ হাজৰিকা । খনিকৰগৰাকীয়ে এইবাৰ বাঁহেৰে প্ৰস্তুত কৰি উলিয়ালে গৰুড় পক্ষী (Wood Craft artist in Nagaon) ।

Wood Craft artist in Nagaon
দেৱতাৰ মূৰ্তিৰ অবিকল ৰূপ দিয়াত ব্য়স্ত প্ৰদীপ হাজৰিকা

কলিয়াবৰ, ৪ মে: গাঁৱলীয়া জীৱনৰ সুকুমাৰ কলা প্ৰীতিৰ পৰিচয় ফুটি উঠে হস্তশিল্প আৰু লোকশিল্পত। কেৱল দৈনন্দিন প্ৰয়োজনৰ সা-সঁজুলিতে নহয়, ধৰ্মমূলক ক্ৰিয়া-অনুষ্ঠানৰ লগতো লোক শিল্পৰ সম্বন্ধ মন কৰিবলগীয়া । ৰাজ্য়ৰ বিভিন্ন ঠাইত এই লোকশিল্পক জীয়াই ৰাখিবলৈ অহৰ্নিশে ব্য়স্ত হৈ আছে বহুতো শিল্পী । এনে এগৰাকী শিল্পী হৈছে প্ৰদীপ হাজৰিকা । চৰকাৰীভাৱে শিল্পীৰ পৰিচয় লাভ নকৰিলেও কলিয়াবৰৰ প্ৰখ্যাত খনিকৰ প্ৰদীপ হাজৰিকাৰ হাতৰ পৰশত প্ৰাণ পাইছে ভিন্ন দেৱতাৰ মূৰ্তিত অবিকল ৰূপ (Wood Craft artist Pradip Hazarika)।

উল্লেখ্য় যে, ১৭৪১ শকতে প্ৰতিষ্ঠা হোৱা শ্ৰীশ্ৰী কামাখ্যা নামঘৰৰ প্ৰতিষ্ঠা দিৱসক লৈ এতিয়া ব্যস্ততা বৃদ্ধি পাইছে খনিকৰ প্ৰদীপ হাজৰিকাৰ ( Sri Sri Kamakhya Namghar at Kaliabor) । কিয়নো কামাখ্যা গাঁৱৰ ৰাইজে এই নামঘৰতে প্ৰতিষ্ঠা কৰিব খনিকৰগৰাকীয়ে নিৰ্মাণ কৰা হনুমান আৰু গৰুড় পক্ষী মূৰ্তি । অসমৰ সত্ৰ, নামঘৰসমূহত সত্ৰীয়া শৈলীৰ মূৰ্তিয়ে শোভাবৰ্দ্ধন কৰি আহিছে । য'ত থলুৱা খনিকৰসকলে এইক্ষেত্ৰত বিশেষভাৱে আগ-ভাগ লৈ আহিছে । তেনে এগৰাকী প্ৰখ্যাত খনিকৰ হ'ল কলিয়াবৰৰ প্ৰদীপ হাজৰিকা ।

কলিয়াবৰৰ সোণাৰী গাঁৱৰ বাসিন্দা প্ৰদীপ হাজৰিকাই ১৯৮৩ চনৰ পৰাই কাঠ, বাঁহৰ কাঠি আৰু মাটিৰে ভিন্ন দেৱতাৰ মূৰ্তিৰ অবিকল ৰূপ দিয়া কাৰ্য‍ত ব্ৰতী হৈ আছে । এই খনিকৰগৰাকীৰ একমাত্ৰ জীৱিকাৰ পথ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা । ভিন্ন পক্ষী, জীৱ-জন্তু, দেৱতাৰ মূৰ্তি, ঘৰুৱা সামগ্ৰী, শৰাই¸নামঘৰৰ সিংহাসন আদি নিৰ্মাণ কৰি আহিছে শিল্পীগৰাকীয়ে । শিল্পীগৰাকী এতিয়া ব‍্যস্ত হৈ পৰিছে গৰুড় পক্ষী আৰু হনুমানৰ প্ৰতিমূৰ্তিত অবিকল ৰূপ দিয়াত । এই মূৰ্তি সমীপৰে কামাখ্যা নামঘৰৰ বাবে নিৰ্মাণ কৰিছে শিল্পীগৰাকীয়ে । হৰিমন্দিৰৰ প্ৰতিষ্ঠা দিৱসত এই মূৰ্তি দুটা প্ৰতিষ্ঠা কৰিব কামাখ্যা গাঁৱৰ ৰাইজে ।

উল্লেখ্য় যে, বহু নামঘৰত জিলিকি উঠিছে খনিকৰ প্ৰদীপ হাজৰিকাৰ হাতৰ পৰশত সৃষ্টি হোৱা সামগ্ৰী সমূহ । প্ৰদীপ হাজৰিকাৰ খনিকৰী বিদ্যাই হৈছে একমাত্ৰ উপাৰ্জনৰ পথ । সেয়ে আৰ্থিকভাৱে কিছু সমস্যাৰ সন্মুখীন হৈছে শিল্পীগৰাকী ৷

গতে পঢ়ক: Marathon Race Competition at Tingkhong: টিংখাঙত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ মাৰাথন প্ৰতিযোগিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.