ETV Bharat / state

শিলঘাটত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ

author img

By

Published : Apr 30, 2021, 3:01 PM IST

বৃহস্পতিবাৰে নিশা কলিয়াবৰৰ শিলঘাটত উদ্ধাৰ হয় এগৰাকী মহিলাৰ মৃতদেহ ৷ চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয় 35-40 বছৰীয়া মহিলাগৰাকীৰ মৃতদেহ । আত্মহত্যাৰ কাৰণ ৰহস্যৰ আৱৰ্তত ৷

silghat suicide
শিলঘাটত আত্মহত্যা

কলিয়াবৰ, 30 এপ্ৰিল : কলিয়াবৰৰ শিলঘাটত বৃহস্পতিবাৰে নিশা চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয় এগৰাকী মহিলাৰ মৃতদেহ ৷ ঘটনাস্থলীত শিলঘাট আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে 35-40 বছৰীয়া মহিলাগৰাকীৰ মৃতদেহ । মহিলাগৰাকী চুলুঙৰ দীপালি দাস বুলি জানিব পৰা গৈছে ।

শিলঘাটত আত্মহত্যা

প্ৰাপ্ত তথ্য অনুসৰি, খেতি কৰাৰ উদেশ্যে ব্ৰহ্মপুত্ৰৰ চাপৰিত এটি খেৰি ঘৰতে আছিল মহিলাগৰাকী । কিন্তু ঘৰত কোনো নথকাৰ সুযোগতে আত্মহত্যাৰ পথ বাছি ললে মহিলাগৰাকীয়ে ।

অৱশ্যে বৰ্তমানো মহিলাগৰাকীৰ আত্মহননৰ কাৰণ জানিব পৰা হোৱা নাই ৷ ইফালে মহিলাগৰাকীৰ পিতৃয়ে সদৰি কৰা মতে, পূৰ্বতেও এবাৰ মহিলাগৰাকীয়ে আত্মহত্যাৰ চেষ্টা কৰিছিল কিন্তু ঘৰুৱা মানুহৰ তৎপৰতাত প্ৰাণ ৰক্ষা পৰিছিল মহিলাগৰাকীৰ ।

আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি নিজৰ জিম্মাত ৰখাৰ পাচত পৰৱৰ্তী সময়ত মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে মহিলাগৰাকীৰ মৃতদেহ ৷

লগতে পঢ়ক : ৰঙাপৰাৰ শ্ৰমিকৰ মুখত নাই মাস্ক নাই সামাজিক দূৰত্ব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.