ETV Bharat / state

কলিয়াবৰত বন‍ গাহৰিৰ সন্ত্ৰাস - kaliabor

অঞ্চলটোত নিশা হ'লেই বন গাহৰিৰ অবাধ বিচৰণে ৰাইজৰ সুৰক্ষাৰ প্ৰতিও ভাবুকি আনিছে । বন বিভাগৰ পৰা কোনো ধৰণৰ সঁহাৰি নেপোৱাৰ অভিযোগ

কলিয়াবৰত বন‍ গাহৰিৰ সন্ত্ৰাস
author img

By

Published : Aug 29, 2019, 3:26 PM IST

নগাঁও, 29 আগষ্টঃ কলিয়াবৰত বন‍ গাহৰিৰ সন্ত্ৰাস ৷ পথাৰ-ঘৰ সকলোতে নিশা হ'লেই জাক পাতি গাহৰিৰ বিচৰণ ৷ শংকিতত ৰাইজ, নিৰ্লিপ্ত বন বিভাগ ৷ কলিয়াবৰৰ ধাননিত খৰাঙৰ সমান্তৰালকৈ বন‍ গাহৰিৰ সন্ত্ৰাস । কলিয়াবৰৰ দলবাৰী, পোৰভেটি, মাধতাৰি, পূৱথৰীয়া, ভলাগুৰি, শান্তিপুৰ, চামধৰা, বাঘৰচুক ভোমোৰাগুৰি অঞ্চলত বন গাহৰিৰ উপদ্ৰৱত সন্ত্ৰাসিত ৰাইজ । পূৰ্বে হাতীৰ উপদ্ৰৱে ৰাইজক হাৰাশাস্তি কৰাৰ পাচত এতিয়া বন‍ গাহৰিৰ উপদ্ৰৱ লক্ষণীয়ভাবে বৃদ্ধি পাইছে । অঞ্চলটোত নিশা হ'লেই বন গাহৰিৰ অবাধ বিচৰণেৰাইজৰ সুৰক্ষাৰ প্ৰতিও ভাবুকি আনিছে । অথচ বন বিভাগৰ পৰা কোনো ধৰণৰ সঁহাৰি লাভ কৰা নাই ৰাইজে ।

কলিয়াবৰত বন‍ গাহৰিৰ সন্ত্ৰাস

উল্লেখ‍্য যে, বানৰ সময়ত কলিয়াবৰৰ কেইবা ঠাইতো বন‍ গাহৰিৰ আক্ৰমণৰ ফলত বহুকেইজন লোক আহত হৈছিল । কিন্তু তাৰ পাচতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৷

Intro:কলিয়াবৰত বন‍্য গাহৰিৰ সন্ত্ৰাস

পথাৰ-ঘৰ সকলোতে নিশা হ'লেই জাক পাতি গাহৰিৰ বিচৰণ

সন্ত্ৰাসিত ৰাইজ, নিৰ্লিপ্ত বন বিভাগBody:কলিয়াবৰৰ ধাননিত খৰাঙৰ সমান্তৰালকৈ বন‍্য গাহৰিৰ সন্ত্ৰাস। সজাল ধৰা ভূঁই, আলা খহাই নিশা উপদ্ৰৱ জাক বন‍্য গাহৰিৰ। কলিয়াবৰৰ দলবাৰী, পোৰভেটি, মাধতাৰি, পূৱথৰীয়া, ভলাগুৰি, শান্তিপুৰ, চামধৰা, বাঘৰচুক ভোমোৰাগুৰি অঞ্চল গাহৰিৰ উপদ্ৰৱত সন্ত্ৰাসিত গাঁৱৰ ৰাইজ। নিৰ্লিপ্ত বন বিভাগ। যোৱা '১৭ চনৰ আগষ্টৰ পিচৰে পৰা বন‍্য গাহৰিৰ উপদ্ৰৱ লক্ষণীয়ভাবে বাঢ়িছে। পূৰ্বৰে পৰা হাতীৰ উপদ্ৰৱত পথাৰৰ ধানৰ লগতে চোতাল-ভঁৰালৰ ধানেও ৰক্ষা নোপোৱা কলিয়াবৰীয়া গঞা ৰাইজে নতুনকৈ বন‍্য গাহৰিৰে সংঘৰ্ষত লিপ্ত হ'বলগীয়া হৈছে। পৰিস্থিতি এনে এটা পৰ্য‍্যায় পাইছেগৈ যে অঞ্চলটোত নিশা হ'লেই ৰাষ্টাই-পদুলিয়ে, বাৰীয়ে-চোতালে বন‍্য গাহৰিৰ অবাধ বিচৰণে ৰাইজৰ সুৰক্ষাৰ প্ৰতিও ভাবুকি আনিছে। অথচ বন বিভাগৰ পৰা কোনো ধৰণৰ সঁহাৰি লাভ কৰা নাই গাহৰিৰ উপদ্ৰৱত ত্ৰস্তমান ৰাইজে। উল্লেখ‍্য যে, যোৱা বানৰ সময়ত কলিয়াবৰৰ কেইবা ঠাইতো বন‍্য গাহৰিৰ আক্ৰমণৰ ফলত বহুকেইজন লোক আহত হৈছিল। সময়চিত ব‍্যৱস্থা নল'লে যিকোনো সময়তে অঘটনৰ আশঙ্কা ঘনীভূত হৈছে কলিয়াবৰত।Conclusion:visuals
bite (s)
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.