ETV Bharat / state

Wild elephant terror in Kaliabor: বন্যহস্তীৰ উপদ্ৰৱত দিশহাৰা কেইবাটাও পৰিয়াল

author img

By

Published : Feb 3, 2023, 8:25 PM IST

কলিয়াবৰত অব্যাহত হাতী-মানুহৰ সংঘাত । বন্যহস্তীৰ ত্ৰাসত বিনিদ্ৰ ৰজনী কটাইছে কলিয়াবৰৰ কেইবাটাও অঞ্চলৰ ৰাইজে । বৃহস্পতিবাৰেও বন্যহস্তীৰ আক্ৰমণত কথমপি প্ৰাণ ৰক্ষা পৰিল কেইবাটাও পৰিয়ালৰ (Wild elephants break down houses in Kaliabor) ।

Wild elephants break down houses in Kaliabor
কলিয়াবৰত অব্যাহত হাতী-মানুহৰ সংঘাট

কলিয়াবৰত অব্যাহত হাতী-মানুহৰ সংঘাট

কলিয়াবৰ,৩ ফেব্ৰুৱাৰী: হাতী-মানুহৰ সংঘাত ৰাজ্যৰ এক সমাধান নোহোৱা সমস্যালৈ পৰিণত হৈছে(Wild elephant menace in Assam) । প্ৰতিদিনে বিভিন্ন প্ৰান্তত বন্যহস্তীয়ে উপদ্ৰৱ চলাই অনিষ্ট কৰিছে সাধাৰণ ৰাইজৰ সা-সম্পত্তি । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে কলিয়াবৰতো অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ । নিশাটো হ'লেই বন্যহস্তীৰ ত্ৰাসত কটাই ৰাইজে । বৃহস্পতিবাৰে নিশাও কলিয়াবৰত চলিল বন্যহস্তীৰ উপদ্ৰৱ(Wild elephant terror in Kaliabor) ।

ভাঙি লণ্ডভণ্ড কৰিলে তিনিটাকৈ পৰিয়ালৰ বাসগৃহ(Elephant destroyed house in Kaliabor) । বৃহস্পতিবাৰে নিশা তিনিটাকৈ বাসগৃহ সম্পূৰ্ণকৈ ভাঙি অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰে এটা বনৰীয়া হাতীয়ে(Wild elephants break down houses in Kaliabor) । কোনোমতে প্ৰাণ ৰক্ষা কৰে মহিলা, শিশুসহ তিনিটা পৰিয়ালৰ সদস্যসকলে । কলিয়াবৰৰ দেউৰী চিলাবন্ধা গাঁৱত বন্যহস্তীয়ে চলালে উপদ্ৰৱ । নিশা প্ৰায় ১:৩০ বজাত গাঁওখনৰ অকলশৰীয়া জুনু দেৱীৰ ঘৰ বনৰীয়া হাতীয়ে ভঙা আৰম্ভ কৰাৰ পাছতেই নিজৰ প্ৰাণ বচাবলৈ আন্ধাৰতেই সমীপৰ জগত নাথৰ ঘৰলৈ পলায়ন কৰি আশ্ৰয় লয় যদিও কিছু সময়ৰ পাছত পুনৰ হাতীটোৱে জগত নাথৰ ঘৰটোও ভাঙিবলৈ আৰম্ভ কৰে(Wild elephant scare in Kaliabar) ।

লগে লগে কণ-কণ শিশুসহ পুৰুষ মহিলা সকলো নিশা প্ৰায় ২ বজাত ওচৰ চুবুৰীয়াৰ ঘৰলৈ পলায়ন কৰে প্ৰাণৰ মমতাত । কান্দি কান্দি মহিলাই কেমেৰাৰ সমুখত ব‍্যক্ত কৰিলে ভয়ংকৰ ঘটনাৰ বিষয়ে । জগত নাথৰ বাসগৃহটো সম্পূৰ্ণ কৈ ভাঙি লণ্ডভণ্ড কৰি পেলাই হাতীয়ে । ঘৰৰ বেৰসমুহ ভাঙি ভিতৰৰ সকলো বয়-বস্তু লণ্ডভণ্ড কৰে বন্যহস্তীৰ জাকটোৱে । সমীপতে থকা উমাকান্ত নাথ আৰু সিদ্ধেশ্বৰ নাথৰ ঘৰো ভাঙি ক্ষতি সাধন কৰে বনৰীয়া হাতীয়ে(Man Elephant conflict in Kaliabar) ।

জগত নাথৰ ঘৰটো ইমানেই বিধ্বস্ত কৰিলে যে পৰিয়ালটো সকলো তালি-টোপোলা লৈ আনৰ ঘৰতহে আশ্ৰয় লব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে । আনহাতে, বুধবাৰে নিশাও হাতীগাঁৱত বন্যহস্তীৰ জাকটোৱে চলাইছিল আক্ৰমণ । কলিয়াবৰৰ হাতীগাঁৱৰ বাদল বৰাৰ ঘৰত বুধবাৰে বন্যহস্তীৰ জাকটোৱে আক্ৰমণ চলাইছিল । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা হাতীৰ এটা জাকে কলিয়াবৰৰ বিভিন্ন অঞ্চলত চলাইছে উপদ্ৰৱ ।

কিন্তু ইমানৰ পাছতো যে বিয়াগোম বন বিভাগ এতিয়াও ঘোৰ নিদ্ৰাত । কলিয়াবৰত হাতী-মানুহৰ সংঘাত ৰোধ কৰিবলৈ বন বিভাগৰ নাই পৰ্যাপ্ত সুবিধা । যাৰ ফলত এইদৰে জীয়াতু ভূগিছে কলিয়াবৰৰ বিভিন্ন অঞ্চলৰ গঁঞাই । ইফালে হাতীয়ে ক্ষতি সাধন কৰা পৰিয়াল কেইটাক চৰকাৰে কোনো ক্ষতিপুৰণ প্ৰদানৰ পদক্ষেপ গ্ৰহণ কৰা নাই । বহু বছৰৰ পৰা ক্ষতিপূৰণৰ নামত ফুটাকৰি এটাও লাভ কৰা নাই ভুক্তভোগী পৰিয়ালে ।

লগতে পঢ়ক: Operation against child marriage: বৰপেটাত বাল্য বিবাহৰ লগত জড়িত ১১০ জন লোকক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.