ৰূপহীহাট, 18 মাৰ্চ: বৃহস্পতিবাৰে পুৱাই ৰূপহীহাটৰ জুৰীয়া বৰুণ গুৰিত এটা বনৰীয়া ম'হে চলাই সন্ত্ৰাস ৷ লাওখোৱা অভয়াৰণ্য পৰা ওলাই অহা এটা বনৰীয়া ম’হে পুৱাই ত্ৰাসৰ সৃষ্টি কৰিছে ৰূপহীহাটৰ জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত বৰুণগুৰি গাঁৱত ৷
![বনৰীয়া ম’হৰ আক্ৰমণত গুৰুত্বৰ ভাৱে আহত এজন বৃদ্ধ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/11056668_img.jpg)
এই বনৰীয়া ম'হৰ আক্ৰমনত গুৰুতৰ বাবে আহত হয় বৰুনগুৰিৰ ছফিকুল ইছলাম নামৰ এজন বৃদ্ধ লোক ৷ বনৰীয়া ম'হৰ আক্ৰমনত বৃদ্ধ ছফিকুল ইছলাম গুৰুত্বৰ ভাৱে আঘাত প্ৰাপ্ত হয় ৷ পৰৱৰ্তী সময়ত ততা তৈয়াকৈ আঘাত প্ৰাপ্ত লোক জনক দগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।
![বনৰীয়া ম’হৰ আক্ৰমণত গুৰুত্বৰ ভাৱে আহত এজন বৃদ্ধ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-rup-801-18-mar-wild-buffalo-asc-10021-uttam-kr-bora_18032021113612_1803f_1616047572_979.jpg)
পৰৱৰ্তী সময়ত ঘটনাস্থলীত বন্য বিভাগৰ লোক উপস্থিত হৈ বনৰীয়া ম’হটোক পুনৰ বনৰ মাজলৈ ওভতাই পঠিওৱাৰ ব্যৱস্থা কৰে ৷
লগতে পঢ়ক: নাহৰকটীয়াৰত অজাপৰ নিৰ্বাচনী প্ৰচাৰ