ETV Bharat / state

ভয়াৱহ বানৰ ফলত জনাঞ্চললৈ বন্যপ্ৰাণী, গঁড়কে ধৰি মুঠ ২৮ টা বন‍্যপ্ৰাণীৰ মৃত‍্যু - বান

বানৰ বিভীষিকাত এতিয়া আলাই-আথানী অৱস্থা জীৱকূলৰ ৷ ফলত কলিয়াবৰৰ জনাঞ্চলত চাৰি জনীয়া হাতীৰ দল ৷ ইপিনে শিলঘাটত উদ্ধাৰ সুগৰি পহু ৷

ভয়াৱহ বানৰ ফলত জনাঞ্চললৈ বন্যপ্ৰাণী
author img

By

Published : Jul 17, 2019, 3:13 AM IST

কলিয়াবৰ, 17 জুলাইঃ মঙলবাৰে কলিয়াবৰৰ দেউৰী চিলাবন্ধা গাঁৱত এটি কণমানি হাতী পোৱালিৰ সৈতে দেখা গ'ল এটা হাতীৰ জাক । প্ৰৱল বানৰ পৰা পৰিত্ৰাণ পাবলৈ কাজিৰঙাৰ পৰা জনাঞ্চললৈ হাতীৰ জাকটো ওলাই অহা বুলি সন্দেহ প্ৰকাশ কৰিছে বন বিভাগে । ইতিমধ্যে শিলঘাট বন সংমণ্ডলৰ বন কৰ্মীয়ে হাতীৰ দলটো নিৰাপদ স্থানলৈ খেদি পঠিয়াবলৈ সক্ষম হৈছে ।

ETV
ভয়াৱহ বানৰ ফলত জনাঞ্চললৈ বন্যপ্ৰাণী

আনহাতে, শিলঘাটস্থিত কলিয়াবৰ উচ্চতৰ মাধ‍্যমিক বিদ‍্যালয়ত উদ্ধাৰ হয় এটা সুগৰি পহু । বিদ‍্যালয়ৰ চৌহদৰ উদ্ভিদ উদ‍্যানত বানৰ পৰা ৰক্ষা পাবলৈ আহি আঘাতৰ সন্মুখীন হয় পহুটো । পিচত বিদ‍্যালয়খনৰ অধ‍্যক্ষৰ তৎপৰতাত স্থানীয় প্ৰকৃতি প্ৰেমী সঞ্জৱ ডেকাই পহুটো উদ্ধাৰ কৰি স্থানীয় পশু চিকিৎসক সুৰজ প্ৰতীম কাকতিৰ তত্বাৱধানত আঘাতপ্ৰাপ্ত পহুটোৰ চিকিৎসাৰ ব‍্যৱস্থা কৰে ৷

ইপিনে, বাগৰি অঞ্চলতো এটা বনৰীয়া ম'হৰ জাক নিৰাপদ স্থানৰ সন্ধানত ঘূৰি-ফুৰা পৰিলক্ষিত হয় । বাগৰি আৰক্ষী থানাৰ সমীপতে ম'হৰ জাকটোৱে অৱস্থান লোৱা বুলি জানিব পৰা গৈছে । ইতিমধ‍্যে, বন বিভাগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানত হোৱা প্ৰচণ্ড বানত চাৰিটা গঁড়ৰ মৃত‍্যু হোৱা বুলি সদৰি কৰিছে । ইয়াৰে এটা গঁড়ৰ মৃতদেহ বাগৰি বনাঞ্চলৰ বুলি জানিব পৰা গৈছে । শেহতীয়া তথ্য অনুসৰি মুঠ ২৮ টা বন‍্যপ্ৰাণী বানত মৃত‍্যু মুখত পৰিছে ৷

Intro:* কলিয়াবৰৰ জনাঞ্চলত চাৰিজনীয়া হাতীৰ দল
সুগৰি পহু উদ্ধাৰ শিলঘাটত, চিকিৎসাৰ ব‍্যৱস্থা স্থানীয় সচেতন পশুপ্ৰেমীৰ
বানৰ পৰা নিৰাপত্তা বিচাৰি বাগৰিৰৰ ৰাজপথৰ দাঁতিত বনৰীয়া ম'হ
চাৰিটা গঁড়কে ধৰি ২৮ টা বন‍্যপ্ৰাণীৰ মৃত‍্যু *Body:কলিয়াবৰৰ দেউৰী চিলাবন্ধা গাঁৱত এটি অকণমানি পোৱালিৰ সৈতে দেখা গ'ল এটা হাতীৰ জাক। প্ৰৱল বানৰ পৰা পৰিত্ৰাণ পাবলৈ কাজিৰঙাৰ পৰা জনাঞ্চললৈ হাতীৰ দলটো আহিছে বুলি সন্দেহ প্ৰকাশ কৰিছে বন বিভাগে। বৰ্তমান বালিদুৱাৰ গাঁৱত শিলঘাট বন সংমণ্ডলৰ বন কৰ্মীৰ হাতীৰ দলটো নিৰাপদ স্থানলৈ খেদি পঠিয়াবলৈ সক্ষম হৈছে।
আনহাতে, শিলঘাটস্থিত কলিয়াবৰ উচ্চতৰ মাধ‍্যমিক বিদ‍্যালয়ত উদ্ধাৰ হয় এটা সুগৰি পহু। বিদ‍্যালয়ৰ চৌহদৰ উদ্ভিদ উদ‍্যানত বানৰ পৰা ৰক্ষা পাবলৈ আহি আঘাটপ্ৰাপ্ত হয়। বিদ‍্যালয়খনৰ অধ‍্যক্ষৰ তৎপৰতাত স্থানীয় প্ৰকৃতি প্ৰেমী সঞ্জৱ ডেকাই হৰিণাটো কৰায়ত্ব কৰে। স্থানীয় পশু চিকিৎসক সুৰজ প্ৰতীম কাকতিৰ তত্বাৱধানত আঘাটপ্ৰাপ্ত পহুটোৰ চিকিৎসাৰ ব‍্যৱস্থা কৰা হয়।
বনৰীয়া ম'হৰ এটা জাক নিৰাপদ স্থানৰ সন্ধানত ঘুৰি-ফুৰা দেখা গৈছে বাগৰি অঞ্চলত। বাগৰি আৰক্ষী থানাৰ সমীপতে এই দলটোৱে বৰ্তমান অৱস্থান লৈ আছে।
ইতিমধ‍্যে বন বিভাগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানত হোৱা প্ৰচণ্ড বানত চাৰিটা গঁড়ৰ মৃত‍্যু হৈছে বুলি সদৰি কৰিছে। তাৰে এটা গঁড়ৰ মৃতদেহ বাগৰি বনাঞ্চলৰ বুলি জানিব পৰা গৈছে। এই পৰ্য‍্যন্ত মুঠতে ২৮টা বন‍্যপ্ৰাণী মৃত‍্যু মুখত পৰিছে বুলি জনা গৈছে‌।Conclusion:visuals
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.