কলিয়াবৰ, 17 মাৰ্চ : কলিয়াবৰৰ এটা তেলডিপোত পেট্ৰ'লত পানী মিহলাই গ্ৰাহকক বিক্ৰি কৰাক লৈ বৃহস্পতিবাৰে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ(Water mixed petrol allegedly sold) । কলিয়াবৰৰ নলতলিস্থিত বেজবৰুৱা ফিলিং ষ্টেচন(Bezbarua Service Station in Kaliabor) নামৰ এটা তেল ডিপোত সংঘটিত হৈছে এই ঘটনা । তেল ডিপোৰ কৰ্মচাৰীয়ে গ্ৰাহকে গম নোপোৱাকৈ কেইবাখনো বাইকত ভৰাইছিল পানী মিহলোৱা পেট্ৰ'ল । পানী মিহলি পে’ট্ৰল ভৰোৱাৰ পাছতেই ষ্টাৰ্ট নোহোৱা হৈছিল মটৰ চাইকেলকেইখনৰ ।
পানী মিহলি ইন্ধনৰ বাবেই মটৰচাইকেল ষ্টাৰ্ট নোহোৱাৰ সন্দেহ কৰি মটৰ চাইকেলৰ টেংকিৰ পৰা তেলখিনি উলিয়াই বটলত ভৰোৱাৰ পাছতেই পোহৰলৈ আহে পেট্ৰ'লত পানী মিহলোৱাৰ তথ্য । তাৰ পিছতেই তেল ডিপোত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত স্থানীয় চুলুং আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলগীয়া হয় ৷

তেল ডিপোত আৰক্ষীৰ লগতে যোগান বিভাগৰ বিষয়াও উপস্থিত হৈ আৰম্ভ কৰে ঘটনাৰ তদন্ত । তেল ডিপোৰ কৰ্তৃপক্ষৰ মতে, ২ মাৰ্চৰ পৰা পেট্ৰ'লৰ লগত সংমিশ্ৰণ কৰা হৈছিল ১০ শতাংশ ইথানল । ইথানল সংমিশ্ৰণ কৰাৰ পাছতেই এনে ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰে ডিপোটোৰ কৰ্তৃপক্ষই । ভুক্তভোগী গ্ৰাহক তথা স্থানীয় লোকে তেল ডিপোটোৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আৰক্ষী আৰু সংশ্লিষ্ট কৰ্তৃপক্ষক দাবী জনাইছে ৷
লগতে পঢ়ক : খোৱাঙত বালি মাফিয়াৰ হাতত বনকৰ্মী অপদস্থৰ অভিযোগ