ETV Bharat / state

খৰালি কালতো বিদ্যালয় চৌহদত একাঠু পানী! - Water block in a school campus

নগাঁও জিলাৰ লাওখোৱা শিক্ষা খণ্ডৰ অন্তৰ্গত পূৱ হাতীপুখুৰী বালিকা মধ্য ইংৰাজী মাদ্ৰাছাৰ অৱস্থা এতিয়া তথৈবচ ৷ এটা স্থায়ী সমাধান বিচাৰি প্ৰশাসন তথা শিক্ষা মন্ত্ৰীলৈ কাতৰ অনুৰোধ জনাইছে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী তথা ছাত্ৰী সকলে ৷

water-block-in-a-school-campus-at-nagaon
খৰালি কালতো বিদ্যালয় চৌহদত একাঠু পানীঃ নগাঁৱৰ এইখন বিদ্যালয়ত কি হৈছে?
author img

By

Published : Jan 4, 2021, 7:01 PM IST

নগাঁও,4 জানুৱাৰী: নগাঁও জিলাৰ লাওখোৱা শিক্ষা খণ্ডৰ অন্তৰ্গত ৰূপহীহাটৰ,জুৰীয়া চাইদৰীয়া পথৰ কাষতে থকা এখন বিশেষ বিদ্যালয় ৷ বৰ্তমানেও পানীৰে উপচি আছে এই বিদ্যালয় খনৰ চৌহদ ৷ যি সময়ত জলাশয় তথা খাল বিলৰ পানী শুকাই তৰাং হৈছে সেই সময়টো একাঁঠু পানীৰ তলত এই খন বিদ্যালয় ৷ যাৰ বাবে এতিয়া দুৰ্ভোগ ভুগিব লগীয়া হৈছে বিদ্যালয়খনৰ ছাত্ৰী তথা শিক্ষক সকলে ৷ এই বিদ্যালয় খন হৈছে নগাঁও জিলাৰ লাওখোৱা শিক্ষা খণ্ডৰ অন্তৰ্গত পূৱ হাতীপুখুৰী বালিকা মধ্য ইংৰাজী মাদ্ৰাছা বিদ্যালয়৷

খৰালি কালতো বিদ্যালয় চৌহদত একাঠু পানীঃ নগাঁৱৰ এইখন বিদ্যালয়ত কি হৈছে?

বিদ্যালয়খনৰ চাৰিওফালে থকা পানীৰ ফলত সমস্যাত পৰিছে শিক্ষকৰ লগতে ছাত্ৰ ছাত্ৰী সকল ৷ এনে বিপদ জনক পৰিবেশৰ মাজতেই শিক্ষক সকলে শিক্ষা প্ৰদান কৰি আহিছে ষষ্ঠ, সপ্তম আৰু অষ্টম শ্ৰেণীৰ ছাত্ৰী সকলক ৷ ৰাইজৰ অভিযোগ মতে মীন পালক সকলে নিজৰ পুখুৰীত ওখকৈ‌ পাৰ বন্ধাৰ ফলত পানী ওলাই যাব নোৱাৰি বিদ্যালয়ৰ চৌহদত এনে পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ইয়াৰ এটা স্থায়ী সমাধান বিচাৰি প্ৰশাসন তথা শিক্ষা মন্ত্ৰীলৈ কাতৰ অনুৰোধ জনাইছে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী তথা ছাত্ৰী সকলে ৷

লগতে পঢ়কঃ ক’ ভেলীৰ বনজুইত মৃত্যু নাগালেণ্ডৰ ৰাজ্যিক চৰাই ট্ৰাগ’পানৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.