ETV Bharat / state

সম-উন্নয়নৰ বাবে তিৱা পৰিষদীয় নিৰ্বাচনত বিজেপি দলৰ প্ৰাৰ্থীক ভোট দিয়ক : মুখ্যমন্ত্ৰী - পৰিষদীয় নিৰ্বাচন

তুংগত তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন ৷ সোমবাৰে 24 নং জোঙালবলহু সমষ্টিত দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । কংগ্ৰেছ দলক কটাক্ষ নিৰ্বাচনী সভাত ৷

vote-for-jp-candidate-in-tiwa-autonamus-council-election-assam-cm-said
তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ
author img

By

Published : Dec 14, 2020, 9:20 PM IST

ৰহা, 14 ডিচেম্বৰ : বিটিচি নিৰ্বাচন সমাপ্ত হোৱাৰ লগে লগে তুংগত উঠিছে তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন ৷ ইতিমধ্যে, নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান চলাইছে ৰাজনৈতিক দল সমূহে ৷ সোমবাৰে তিৱা স্বায়ত্ব শাসিত পৰিষদৰ 24 নং জোঙালবলহু সমষ্টিত দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । মুখ্যমন্ত্ৰীৰ লগত উপস্থিত থাকে পীয়ুয হাজৰিকা, সাংসদ হৰেণসিং বে', বিধায়ক ডিম্বেশ্বৰ দাস, ৰূপক শৰ্মা, বিজেপিৰ ৰাজ্যিক মুখ্য সাংগঠনিক সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মাকে আদি কৰি বহু কেইগৰাকী দলীয় নেতাকৰ্মী ।

তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ

লগতে পঢ়ক : 15 ডিচেম্বৰত বিটিচিত গঠন হ'ব জোঁটবন্ধনৰ পৰিষদ

নিৰ্বাচনী সভাত ভাষণ দি মুখ্যমন্ত্ৰী সোণোৱালে কয় যে, বিজেপিয়ে সকলো জাতি-জনগোষ্ঠীৰ সমন্বয়ৰে আগবাঢ়ি গৈছে । বিজেপি চৰকাৰে ৰাইজক সু-শাসন দিবলৈ সক্ষম হোৱা বুলি কৈ শক্তিশালী তিৱা স্বায়ত্ব শাসিত পৰিষদ গঠনৰ বাবে বিজেপিক ভোট দিবলৈ আহ্বান জনায় ।

আনহাতে, সভাত ভাষণ দি মন্ত্ৰী পীয়ুয হাজৰিকাই কংগ্ৰেছক সমালোচনা কৰি ৰিপুন বৰা অকেষ্টা পাৰ্টীৰ মালিক বুলি কটাক্ষ কৰে ৷ ৰিপুন বৰাই বদৰুদ্দিন আজমলৰ বেগ দাঙি লৈ ফুৰে বুলিও কটাক্ষ কৰে ৷

লগতে পঢ়ক : তুংগত বিটিচিৰ নতুন কাৰ্যবাহী পৰিষদৰ শপত গ্ৰহণ অনুষ্ঠানৰ প্ৰস্তুতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.