চামগুৰি, 7 মে’: ধিঙৰ বেছামাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত গেৰকণী অঞ্চলবাসীয়ে একাংশ মৎস্য ব্যৱসায়ীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে (Protest against fishery traders at Dhing)। একাংশ মৎস্য ব্যৱসায়ীয়ে নিজৰ মুনাফা লাভৰ বাবে পথৰ কাষতে খনন কৰা পুখুৰীয়ে অঞ্চলবাসীক জ্বলা কলা খুওৱাৰ অভিযোগ উত্থাপিত হৈছে । পথৰ কাষতে পুখুৰী খন্দাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলে এজাক সাধাৰণ বৰষুণৰ ফলতে একাঠু পানীৰে বিদ্যালয়লৈ যাবলগীয়া হয় (Poor road condition at Dhing)।
ইয়াৰোপৰি পথৰ দাঁতিতে পুখুৰি খন্দাৰ ফলত বৈদ্যুতিক তাঁৰৰ খুটাও বিপদ সংকুল অৱস্থাত আছে । ইতিপূৰ্বে পুখুৰীয়ে সৃষ্টি কৰা খহনীয়াত বৈদ্যুতিক তাঁৰৰ খুটা মাটিত ঢলি পৰা ফলত দূৰ্ঘটনাও সংঘটিত হৈছে, যাৰ ফলত নিশ্চিত বিপদৰ পৰা ৰক্ষা পৰে বহুতৰ জীৱন ৷ তাৰোপৰি সেই অঞ্চলৰ ৰোগীয়ে ১০৮ ৰ কাষ পাবলৈ যাব লাগে ১ কিলোমিটাৰ দূৰত্বলৈ (108 ambulance service at rural area) । ইফালে পথটো অতি ঠেক হৈ পৰাৰ কাৰণে দুখন বাহন সমান্তৰালকৈ পাৰ হোৱাটোও হৈ পৰে অসম্ভৱ ৷
স্থানীয় লোকে জানিবলৈ দিয়া মতে, পথেটোত প্ৰায়েই সংঘটিত হৈ আহিছে দুৰ্ঘটনা । এইসকল লোকৰ অভিযোগ, বিভিন্ন সমস্যাৰ মাজত আছে বেছামাৰীৰ গেৰকণী গাঁৱৰ লোকসকল ৷ উপায়ন্তৰ হৈ পথলৈ ওলাই আহি সমস্যাসমূহ সমাধানৰ দাবীৰে শনিবাৰে স্থানীয় ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ । মৎস্য ব্যৱসায়ীসকলক অতিশীঘ্ৰে নিজৰ পুখুৰীসমূহৰ পাৰ বন্ধাৰ লগতে পথচোৱা ৰক্ষা কৰি ৰাইজৰ যাতায়তত সুবিধা কৰি দিবলৈ আহ্বান জনায় । এইক্ষেত্ৰত চৰকাৰৰ বিভাগীয় কতৃপক্ষকো কৃপাদৃষ্টি ৰাখিবলৈও ৰাইজে জনালে অনুৰোধ ৷
লগতে পঢ়ক: বিজেপি চৰকাৰৰ নেতৃত্বত বিধ্বস্ত ৰাজ্যৰ অৰ্থনীতি: ৰিপুন বৰা