ETV Bharat / state

Second phase of Mission Basundhara: মিছন বসুন্ধৰাৰ কামৰ পৰা বিৰত থাকিব কলিয়াবৰ মহকুমা গাঁওবুঢ়া সন্থাও

author img

By

Published : Oct 12, 2022, 10:35 AM IST

মিছন বসুন্ধৰাৰ দ্বিতীয় সংস্কৰণৰ (Second phase of Mission Basundhara) কামৰ পৰা বিৰত থাকিব গাঁও প্ৰধানসকল । সদৌ অসম গাঁও প্ৰধান সংস্থাৰ এই সিদ্ধান্তক সমৰ্থন জনাই কলিয়াবৰ মহকুমা গাঁওবুঢ়া সন্থাৰ সভাপতি-সম্পাদকদ্বয়ৰ নেতৃত্বত মঙলবাৰে কেইবাজনো সতীৰ্থসহিতে এটি দলে চামগুৰি ৰাজহচক্ৰ বিষয়াক সাক্ষাৎ কৰি তেওলোকৰ বিভিন্ন দাবী সম্বলিত এখনি স্মাৰকপত্ৰ প্ৰদান কৰে ৷

VILLAGE CHIEFS DO NOT COOPERATE WITH SECOND PHASE OF MISSION BASUNDHARA
মিছন বসুন্ধৰাৰ কামৰ পৰা বিৰত থাকিব কলিয়াবৰ মহকুমা গাঁওবুঢ়া সন্থাও

চামগুৰি, 12 অক্টোবৰ: মিছন বসুন্ধৰাৰ দ্বিতীয় সংস্কৰণৰ (Second phase of Mission Basundhara) কামৰ পৰা বিৰত থাকিব গাঁও প্ৰধানসকল । এই কথা সোমবাৰে অৰ্থাৎ 10 অক্টোবৰত এক সংবাদমেল সম্বোধন কৰি সদৰী কৰিছিল সদৌ অসম গাঁও প্ৰধান সংস্থাই । সংস্থাৰ সভাপতি আৰু সম্পাদক ক্ৰমে গোবিন গগৈ, ঘনশ্যাম তালুকদাৰে মিছন বসুন্ধৰা প্ৰথম সংস্কৰণত (first phase of Mission Basundhara) গাঁও প্ৰধানসকলে যথেষ্ট সহযোগিতা কৰা বুলি মন্তব্য কৰে ৷ কিন্তু এইবাৰ মিছন বসুন্ধৰাৰ (Mission Basundhara) দ্বিতীয় সংস্কৰণৰ কামৰ পৰা বিৰত থাকিব গাঁও প্ৰধানসকল (Village chiefs do not cooperate) ৷

কিয়নো মিছন বসুন্ধৰা প্ৰথম সংস্কৰণৰ লগত জড়িত ৰাজহ বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীকে ধৰি সকলোকে চৰকাৰে এমাহৰ অতিৰিক্ত বনাচ দিলে যদিও গাঁওপ্ৰধান সকল বঞ্চিত হ’ল এই সুবিধাৰ পৰা ৷ চৰকাৰৰ এনে কাণ্ডৰ ফলতেই ক্ষোভিত হৈ মিছন বসুন্ধৰাৰ দ্বিতীয় সংস্কৰণৰ কামৰ পৰা বিৰত থাকিব বুলি জনাইছিল সংস্থাই ৷

সদৌ অসম গাঁও প্ৰধান সংস্থাৰ এই সিদ্ধান্তক ৰাজ্যৰ প্ৰতিখন জিলাৰ অন্তৰ্গত গাঁওসমূহৰ গাঁও প্ৰধান সকলে সমৰ্থন জনাই স্থানীয় প্ৰশাসনক প্ৰদান কৰিছে একোখনকৈ স্মাৰকপত্ৰ ৷ স্মাৰকপত্ৰত উল্লেখিত দাবীসমূহ চৰকাৰে শীঘ্ৰে প্ৰদান নকৰিলে দ্বিতীয় পৰ্য্যায়ৰ বসুন্ধৰা আঁচনিৰ কাম সম্পূৰ্ণৰূপে বয়ক'ট কৰাৰ হুংকাৰ দিছে ক্ষুদ্ধ গাঁও প্ৰধান সকলে ৷

শেহতীয়াকৈ কলিয়াবৰ মহকুমা গাঁওবুঢ়া সন্থাৰ সভাপতি-সম্পাদকদ্বয়ৰ নেতৃত্বত মঙলবাৰে কেইবাজনো সতীৰ্থসহিতে এটি দলে চামগুৰি ৰাজহচক্ৰ বিষয়াক সাক্ষাৎ কৰি তেওলোকৰ বিভিন্ন দাবী সম্বলিত এখনি স্মাৰকপত্ৰ প্ৰদান কৰে ৷ কলিয়াবৰ মহকুমা গাঁওবুঢ়া সন্থাৰ নেতৃত্বই উল্লেখ কৰা অনুসৰি, বসুন্ধৰা আঁচনিৰ প্ৰথম পৰ্য্যায়ৰ কামৰ বিনিময়ত গাঁও প্ৰধান সকল একোটা মাননি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৰাজ্যৰ ৰাজহমন্ত্ৰী যোগেন মহনে । কিন্তু বসুন্ধৰা আঁচনিৰ দ্বিতীয় পৰ্য্যায়ৰ কাম আৰম্ভ হোৱাৰ পাছতো আজি পৰ্য্যন্ত ৰাজহ মন্ত্ৰীগৰাকীয়ে প্ৰদান কৰা প্ৰতিশ্ৰুতি পুৰণ নকৰাত ক্ষুদ্ধ গাঁও প্ৰধানসকল।

উল্লেখ্য যে, ইতিমধ্যে এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এখন ১৩ দফীয়া দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে সদৌ অসম গাঁও প্ৰধান সংস্থাই ৷ চৰকাৰে গাঁও প্ৰধান সংস্থাৰ দাবী মানি নল’লে আগন্তুক ২৫ জানুৱাৰীত প্ৰতিবাদী কাৰ্যসূচী লোৱা হ’ব বুলি হুংকাৰ দিছে সংস্থাটোৱে ।

লগতে পঢ়ক: মিছন বসুন্ধৰাৰ দ্বিতীয় সংস্কৰণৰ কামত সহযোগ নকৰে গাঁও প্ৰধানসকলে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.