ETV Bharat / state

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত উপাচাৰ্যৰ মত বিনিময় অনুষ্ঠান

author img

By

Published : Nov 19, 2021, 2:09 PM IST

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত সম্পন্ন হৈ যায় এক মত বিনিময় অনুষ্ঠান ৷ উপস্থিত থাকে বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ লগতে আন বহুতো বিশিষ্ট ব্যক্তি ৷

view-exchange-meeting-at-srimanta-sankardev-university
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত উপাচাৰ্যৰ মত বিনিময় অনুষ্ঠান

নগাঁও, 19 নৱেম্বৰ : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ হিতেশ ডেকাই বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা মত বিনিময় অনুষ্ঠানত কয় যে, "অসমৰ বিভিন্ন শিক্ষাবিদসকল আৰু শিক্ষানুৰাগীসকলৰ লগতে ৰাইজৰ শুভাশিষ, গঠনমূলক উপদেশহে বিশ্ববিদ্যালয়ৰ মূল চালিকাশক্তি ৷ তাৰোপৰি বিশ্ববিদ্যালয়খন আনুষ্ঠানিকভাৱে আৰম্ভ হোৱাৰে পৰা সাতোটা বছৰে অসমৰ জনগণৰ সহযোগিতাৰে উপকৃত হৈ আহিছে, যি সঠিক আৰু সময়োপযোগী সিদ্ধান্ত লোৱাত সহায় কৰি আহিছে" ৷

views exchange meetingউপাচাৰ্যৰ মত বিনিময় অনুষ্ঠানমহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত বৃহস্পতিবাৰে উপাচাৰ্য সহিতে এক মত বিনিময় অনুষ্ঠান সম্পন্ন হৈ যায় ৷ সভাৰ আদৰণি ভাষণ প্ৰদান কৰে বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড৹ মৃণাল কুমাৰ বৰাই ৷ ভাষণত বিশ্ববিদ্যালয়খনৰ সৰ্বোপ্ৰকাৰৰ উন্নতিৰ বাবে উপস্থিত সভাগণৰ পৰা দিহা-পৰামৰ্শ কামনা কৰে পঞ্জীয়ক গৰাকীয়ে ৷

view exchange meeting at srimanta sankardev university
মত বিনিময় অনুষ্ঠান

নগাঁৱৰ কলংপাৰস্থিত বিশ্ববিদ্যালয়খনত হৈ যোৱা এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত উপস্থিত থকা সকলোৰে মাজত চিনাকি পৰ্ব হোৱাৰ পাচতেই উপাচাৰ্যই সকলোকে আদৰণি জনাই মত বিনিময় কৰে ৷ তেখেতে মূল বক্তব্যত বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু পাঠ্যক্ৰমসমূহৰ এক খতিয়ান দাঙি ধৰে আৰু বিশ্ববিদ্যালয়খনে সন্মুখীন হৈ অহা প্ৰত্যাহ্বানসমূহৰ বিষয়ে সভাক অৱগত কৰে ৷

views exchange meetingউপাচাৰ্যৰ মত বিনিময় অনুষ্ঠানউপাচার্য মহোদয়ে নগাঁৱৰ সমাজখনৰ একান্ত সহায়-সহযোগিতা, দিহা-পৰামৰ্শ লাভ কৰিলেহে বিশ্ববিদ্যালয়খনে অগ্ৰগতি লাভ কৰিব বুলি মতপোষণ কৰে ৷ সেই উদ্দেশ্যে উপাচার্যই সকলোৰে পৰা দিহা-পৰামৰ্শ কামনা কৰে ৷ ইয়াৰ পিছতে শ্ৰীমন্ত শংকৰদেৱ শিক্ষা আৰু আৰ্থ-সামাজিক বিকাশ ন্যাসৰ পৰিচালন ন্যাসৰক্ষী খগেন্দ্ৰ মহেলা মহাশয়ে ভাষণ প্ৰদান কৰে ৷

Exchange_Of_Views_ meeting

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক তথা বিশ্ববিদ্যালয় পৰিচালনা সমিতিৰ সদস্য বাবুল বৰা বাপে উপস্থিত সুধীসমাজক উদ্দেশ্যি বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠাৰ কাৰণে 2006 চনত কৰুণাকান্ত কলিতাদেৱে ঘোষণা কৰা আঁচনি পৰা ব্যক্তিগত বিশ্ববিদ্যালয় আইন চৰকাৰে কিদৰে প্ৰণয়ন কৰে, কি দৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হ’ল, বিশ্ববিদ্যালয়খনৰ বিদ্যায়তনিক দিশ, আৰ্থিক দিশ আদিৰ বিষয়ে বিস্তৃত তথ্য দাঙি ধৰে ৷

মতামত অনুষ্ঠানত উপস্থিত থকা তেজপুৰ বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত পঞ্জীয়ক মহেন্দ্ৰ আহোম, নগাঁও গোপীনাথ দেৱ গোস্বামী বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ শিৱৰঞ্জন মহন্ত, কল্লোল সাংস্কৃতিক গোষ্ঠীৰ সহকাৰী সম্পাদক শিৱানন্দ কাকতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক পৰাগজ্যোতিষ বনিয়া, অসম সাহিত্য সভা নগাঁও জিলা শাখাৰ সভাপতি পৰাণ কুমাৰ বৰুৱা, খাগৰিজান মহাবিদ্যালয়ৰ অধ্যক্ষ, অসম ক্ৰীড়াসন্থাৰ সংগঠক, সাংবাদিক জিতেন বৰকটকী, সাংবাদিক কনক হাজৰিকা, পাৰভেজ হুছেইন, যুক্তিনাথ খাউণ্ড আদিয়ে বিশ্ববিদ্যালয়খনৰ উন্নতিৰ কাৰণে বিভিন্ন পৰামর্শ আগবঢ়ায় ৷

views exchange meetingউপাচাৰ্যৰ মত বিনিময় অনুষ্ঠানবিশেষকৈ,ছাত্ৰ-ছাত্ৰী সকলক সামাজিক দায়বদ্ধশীল হোৱাৰ পাঠ দিয়া, অসমৰ সাংস্কৃতি সম্পৰ্কে জ্ঞান প্ৰদান কৰা, গৱেষণা কেন্দ্ৰ প্ৰতিষ্ঠা কৰা, নামভৰ্তিৰ মাচুল উচিত ৰখা, কেম্পাচ প্লেচমেণ্টৰ সুবিধা, কাউঞ্চেলিং চেণ্টাৰৰ ব্যৱস্থা, শংকৰদেৱ-মাধৱদেৱৰ চৰ্চাৰ সকলো সমলপ্ৰাপ্ত গ্ৰন্থাগাৰ গঢ়ি তোলা, চিত্ৰকলা, চিনেমা, সত্ৰীয়া নৃত্যৰ কেন্দ্ৰ প্ৰতিষ্ঠা আদিৰ ওপৰত গুৰুত্ব প্ৰদান কৰি বক্তব্য দিয়ে ৷

শ্ৰীমন্ত শংকৰদেৱ সংঘই অসমৰ সকলোতে বিশ্ববিদ্যালয়ৰ বার্তা প্ৰসাৰ কৰিব লাগিব বুলি কয় ৷শংকৰদেৱৰ বিষয়কেন্দ্ৰিক পুস্তিকা প্ৰকাশ, আলোচনা চক্ৰ অনুষ্ঠিত কৰা, ডিজিটেল শ্ৰেণীকোঠাৰ ব্যৱস্থা কৰা আদি সম্পৰ্কেও পৰামৰ্শ দিয়ে ৷ সভাত উপস্থিত থকা নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাই বিশ্ববিদ্যালয়ৰ আন্তঃগাঁঠনি আৰু শিক্ষাব্যৱস্থাৰ প্ৰসাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰি তেখেতে নিজেও সহায়-সহযোগ আগবঢ়াব বুলি মত প্ৰকাশ কৰে ৷

লগতে পঢ়ক : Bridge to Majuli : নৱেম্বৰৰ শেহত পুতিব খুঁটা, চাৰি বছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব মাজুলীলৈ দলং নিৰ্মাণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.