কলিয়াবৰ, 29 ডিচেম্বৰ: তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত ৷ প্ৰমোদ ভ্ৰমণৰ উদ্দেশ্যেৰে অসমলৈ আহিছে মাৰ্কিন ৰাষ্ট্ৰদূত কেনেথ ইয়ান জাষ্টেৰৱা ৷ ইখনৰ পৰা সিখনকৈ অসমৰ পৰ্যটনস্থলীত উপস্থিত হৈছে মাৰ্কিন ৰাষ্ট্ৰদূতগৰাকী ৷ সোমবাৰে কেনেথ ইয়ান জাষ্টেৰৱা উপস্থিত হয় কলিয়াবৰৰ শিলঘাটত ৷ শিলঘাটৰ পৰা ব্ৰহ্মপুত্ৰৰ নান্দনিক দৃশ্য উপভোগ কৰাৰ লগতে ব্ৰহ্মপুত্ৰৰ বুকুত নৌকা বিহাৰ কৰে ৰাষ্ট্ৰদূতগৰাকীয়ে ৷
উল্লেখ্য যে,কেনেথ ইয়ান জাষ্টেৰৱাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে কাষৰীয়া পৰ্যটনস্থলীসমূহ ভ্ৰমণ কৰি কলিয়াবৰৰ শিলঘাটত ব্ৰহ্মপুত্ৰৰ বুকুত এম. ভি. ৰূদ্ৰসিংহ বিলাসী নৌকাত নৌকা বিহাৰ কৰাৰ লগতে শিহু দৰ্শনৰ বাবে বিয়লিৰ ভাগত শিলঘাটত উপস্থিত হৈ নৌকা বিহাৰৰ আনন্দ লয় ৷
লগতে পঢ়ক: ৰাজনৈতিক দল গঠন নকৰে অভিনেতা ৰজনীকান্তে