ETV Bharat / state

জোঙালবলহুত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ

author img

By

Published : Nov 28, 2019, 11:43 PM IST

পৰৱৰ্তী সময়ত ৰহা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লক্ষণ দাসসহ আৰক্ষীৰ এটা দলে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

জোঙালবলহু
অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ

ৰহা, 28 নৱেম্বৰ: ৰহা আৰক্ষী থানাৰ অন্তৰ্গত জোঙালবলহু গড়ৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত বৃহস্পতিবাৰে সন্ধিয়া উদ্ধাৰ হয় এজন অচিনাক্ত যুৱকৰ মৃতদেহ। জানিব পৰা মতে, একাংশ দাৱনীয়ে ঘৰলৈ উভতাৰ পথত জোঙালবলহু গড় বিদ্যুত উপকেন্দ্ৰৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ জংঘলত মৃতদেহটো প্ৰত্যক্ষ কৰে ৷

লগে লগে দাৱনীসকলে স্থানীয় গাঁও সুৰক্ষা বাহিনীৰ লোকক খবৰ দিয়াৰ লগতে ৰহা আৰক্ষীকো খবৰ দিয়ে। পৰৱৰ্তী সময়ত ৰহা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লক্ষণ দাসসহ আৰক্ষীৰ এটা দলে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

জোঙালবলহুত অচিনাক্ত যুৱকৰ মৃতদেহ

উল্লেখ্য যে ক'লা লংপেন্ট, ৰঙা-ক'লা চাৰ্ট আৰু ক'লা জেকেট পৰিহিত প্ৰায় ৩৫ বছৰীয়া যুৱকজনক অন্য ঠাইত ডিঙি ৰেপি হত্যা কৰি উক্ত স্থানত পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰে আৰক্ষীয়ে। আৰক্ষীয়ে উক্ত ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে যদিও বৰ্তমান সময়ৰলৈকে চিনাক্ত হোৱা নাই মৃত যুৱকজনৰ পৰিচয়।

লগতে পঢ়ক: ISIS-ৰ দৰে সন্ত্ৰাসবাদী সংগঠনে বিশেষ সুযোগৰ সন্ধানত খোপনি পুটিছে অসমত : ৰাজ্যপাল জগদীশ মুখী

Intro: ৰহাৰ জোঙালবলহুত ঘাইপথ পথৰ দাঁতিত উদ্ধাৰ অচিনাক্ত যুৱকৰ মৃতদেহ।

ডিঙিৰেপি হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ।Body:ৰহা আৰক্ষী থানাৰ অন্তৰ্গত জোঙালবলহু গড়ৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত আজি সন্ধ্যা এজন অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে। জানিব পৰামতে জোঙালবলহু গড় বিদ্যুত উপকেন্দ্ৰৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ পথাৰত বিয়লি একাংশ দাৱনীয়ে ধান দাই উঠি সন্ধ্যা হোৱাত ঘৰলৈ উভতিছিল। দাৱনী সকলে ঘাইপথৰ দাঁতিৰে ঘৰলৈ উভতাৰ পথত পথৰ দাঁতিৰ জংঘলৰ কাষত এজন যুৱকৰ মৃতদেহ দেখি লগে লগে স্থানীয় গাঁও সুৰক্ষা বাহিনীৰ লোকক খবৰ দিয়াত তেঁও ৰহা আৰক্ষীক খবৰ দিয়ে। খবৰ লাভ কৰি ৰহা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লক্ষণ দাস সহ আৰক্ষীৰ এটা দলে ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। উল্লেখ্য যে ক'লা লংপেন্ট, ৰঙা-ক'লা চাৰ্ট আৰু ক'লা জেকেট পৰিহিত প্ৰায় ৩৫ বছৰীয়া যুৱকজনক অন্যঠাইত ডিঙিৰেপি হত্যা কৰি উক্ত স্থানত পেলাইথৈ যোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজৰ লগতে আৰক্ষীয়েও। আৰক্ষীয়েও ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে যদিও বৰ্তমান সময়ৰলৈকে চিনাক্ত হোৱা নাই মৃত যুৱকজনৰ পৰিচয়। তদুপৰি উল্লেখ্য বিষয় যে, ৰহা দীঘলীআটিৰ পৰা বগৰিগুৰিলৈকে প্ৰায় দুই কিল'মিটাৰ পথ অতি নিৰ্জন হোৱাৰ লগতে পথৰ দাঁতিত জংগলেৰে ভৰি পৰা বাবে দূৰ্বত্তই পূৰ্বতেও একাধিক মৃতদেহ উক্ত স্থানত পেলাই থৈ গৈছিল। 

Byte - local resident

ৰহাৰ পৰা
দিব্য জে বৰঠাকুৰConclusion:

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.