ETV Bharat / state

বটদ্ৰৱা থানত সেৱা ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

author img

By

Published : Aug 22, 2021, 10:33 PM IST

দেওবাৰে বটদ্ৰৱা স্থানত উপস্থিত হয় তিনিদিনীয়া আৰ্শীবাদ যাত্ৰাৰ বাবে অসমত উপস্থিত হোৱা দেশৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ বটদ্ৰৱা থানত উপস্থিত হৈ ইশ্বৰৰ চৰণত সেৱা ল’লে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ৷

union-minister-sarbananda-sonowal-visited-batadrava-than
বটদ্ৰৱা থানত সেৱা ললে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

চামগুৰি,22 আগষ্ট : দেওবাৰে বিয়লি গুৰুজনাৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱা থানত উপস্থিত হ'ল ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় আয়ুস মন্ত্ৰণালয়, জাহাজ আৰু বন্দৰ বিভাগৰ কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ তাৰ পৰিপেক্ষিতত জগত গুৰু জনাৰ জন্মস্থান বটদ্ৰৱা থানত উখল-মাখল পৰিৱেশৰ সৃষ্টি হয় ৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আদৰিবলৈ ৰাইজৰ মাজত পৰিলক্ষিত হয় ব্যাপক আনন্দ উল্লাস ৷ কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক বটদ্ৰৱা থানলৈ জন আশীৰ্বাদ যাত্ৰাৰ এখন বিশেষ গাড়ীত উঠাই অনা হয় ৷

বটদ্ৰৱা থানত উপস্থিত হৈ সেৱা গ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ পবিত্ৰ ভাদমাহ উপলক্ষে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে বটদ্ৰৱা থানৰ সত্ৰাধিকাৰ প্ৰমুখ্যে ভকত বৈষ্ণৱ সকলৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰে ৷ উল্লেখ্য যে, কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণৰ পিছত সৰ্বানন্দ সোণোৱাল প্ৰথমবাৰৰ বাবে অসমত উপস্থিত হৈছে আৰু প্ৰধানমন্ত্ৰীৰ নিৰ্দেশত আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰিছে ৷

লগতে পঢ়ক : উজনিত সকলো বিৰোধী দলৰ উৰ্ধত নেকি অখিল গগৈৰ ৰাইজৰ দল ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.