নগাঁও,২০ জানুৱাৰী: নগাঁৱত বিজেপি নেতা অনিল শইকীয়াৰ নেতৃত্বত উষ্ম আদৰণি জনোৱা হয় প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক(Union minister Sarbananda Sonowal at Nagaon) । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰীক্ষা পে চৰ্চা কাৰ্যসূচী সফল কৰাৰ উদ্দেশ্যে নগাঁৱৰ অনুষ্ঠানত উপস্থিত হয় সৰ্বানন্দ সোণোৱাল । ছাত্ৰ ছাত্ৰীৰ মাজত হোৱা চিত্ৰাংকন প্ৰতিযোগিতাৰ বঁটা বিতৰণ কৰে সোণোৱালে । ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি সৰ্বানন্দ সোণোৱালে প্ৰদান কৰে দীঘলীয়া ভাষণ ।
দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ(Prime Minister Narendra Modi) পৰীক্ষা পে চৰ্চা(Pariksha pe charcha) কাৰ্য্যসূচী সফল কৰাৰ বাবে তৎপৰ হৈ পৰিছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । পৰীক্ষা পে চৰ্চা কাৰ্যসূচী সফল কৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হাতত লৈছে পৰীক্ষাৰ যোদ্ধা অৰ্থাৎ Exam warrior নামৰ আন এক কাৰ্য্যসূচী । শুকুৰবাৰে নগাঁৱৰ কঢ়ালীগাঁৱত পৰীক্ষাৰ যোদ্ধা অৰ্থাৎ Exam warrior ৰ অধীনত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত ভাগ লয় অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।
Exam warriors ৰ অধীনত ছাত্ৰ ছাত্ৰী সকলৰ মাজত অনুষ্ঠিত হোৱা চিত্ৰাংকন প্ৰতিযোগিতাৰ বঁটা বিতৰণী অনুষ্ঠানতো অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । কলিয়াবৰ জিলা বিজেপিৰ সভাপতি অনিল শইকীয়াৰ প্ৰচেষ্টাত Exam warrior ৰ উদ্যোগত অনুষ্ঠিত হোৱা অনুষ্ঠানত ভাগ লৈ ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি দীঘলীয়া ভাষণ প্ৰদান কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।
দেশৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰতিযোগিতামূলক পৰীক্ষাত সাহসিকতা আৰু নিষ্ঠাৰে অৱতীৰ্ণ হ'ব পৰাকৈ সাজু কৰিবলৈয়ে পৰীক্ষাৰ যোদ্ধা অৰ্থাৎ Exam warrior নামৰ এক আঁচনি হাতত লৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । ইয়াৰ লগতে Exam warrior নামৰ পাঠ্যপুথিও ছাত্ৰ ছাত্ৰীক যোগান ধৰাৰ ব্যৱস্থা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰা বুলি সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।
যি পাঠ্যপুথিত ৩৬ টাকৈ মন্ত্ৰ থকাৰ কথাও উল্লেখ কৰি এই পাঠ্যপুথি গুৰুত্বসহকাৰে পালন কৰিলে উঠি অহা প্ৰজন্মই ভাৰতবৰ্ষক বিশ্বৰ বুকুত শ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষম হ'ব বুলিও সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে । ইপিনে নগাঁৱৰ কঢ়ালীগাঁৱত উপস্থিত হোৱাৰ পিছতেই ঢোল দগৰে উষ্ম আদৰণি জনায় প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক । ইপিনে অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে কলিয়াবৰ জিলা বিজেপিৰ সভাপতি অনিল শইকীয়াই ।
লগতে পঢ়ক: Jonbeel Mela 2023: ৰমাকান্ত দেউৰীৰ গীতৰ তালে তালে মুখ্যমন্ত্ৰীৰ হাত চাপৰি