ETV Bharat / state

চৰকাৰী চাকৰিৰ প্ৰতি আশা ভংগ বহু নিবনুৱাৰ! - নগাঁও জিলা নিয়োগ বিষয়া

নগাঁও জিলা নিয়োগ বিষয়া গৰাকীয়ে প্ৰকাশ কৰা অনুসৰি তেওঁলোকৰ ওচৰত নগাঁও জিলাত বিগত পাচ বছৰত পঞ্জীকৃত সকলৰ ভিতৰত মাত্ৰ 29 গৰাকীয়েহে চাকৰি লাভ কৰাৰ তথ্য আছে ৷

চৰকাৰী চাকৰিৰ প্ৰতি আশা ভংগ বহু নিবনুৱাৰ

author img

By

Published : Jul 29, 2020, 6:08 PM IST

নগাঁও, 29 জুলাইঃ ৰাজ্যত নিবনুৱাৰ ভয়াৱহ ছবি ৷ চৰকাৰী চাকৰি নাপায় এতিয়া বহু শিক্ষিত নিবনুৱা যুৱক যুৱতীয়ে এৰিছে চাকৰিৰ আশা ৷ যাৰ বাবে বহু শিক্ষিত নিবনুৱাই ম্যাদ উকলি যোৱাৰ পাচতো শ্ৰম বিনিম কেন্দ্ৰত নিজৰ পঞ্জীয়নৰ নবীকৰণেই নকৰিলে ৷ এই কথা প্ৰকাশ কৰিছে নগাঁৱৰ স্বয়ং নিয়োগ বিষয়া গৰাকীয়ে ৷

চৰকাৰী চাকৰিৰ প্ৰতি আশা ভংগ বহু নিবনুৱাৰ

অৱশ্যে,নতুনকৈ উচ্চ মাধ্যমিক বা স্নাতক হোৱা ছাত্ৰ ছাত্ৰীসকলে কৰ’ণা সংকটৰ মাজতো এটা চাকৰিৰ আশাত শাৰী পাতি পঞ্জীয়ন কৰাইছে নিজৰ নাম ৷ নগাঁও জিলাত বিগত 5 বছৰত নতুনকৈ পঞ্জীয়ন কৰোৱা লোকৰ সংখ্যা হৈছে ৯০,৫১০ গৰাকী৷ ইয়াৰে বিশেষভাৱে সক্ষম লোকৰ সংখ্যা ১,১১৪ জন ৷

আনহাতে জিলা নিয়োগ বিষয়া গৰাকীয়ে প্ৰকাশ কৰা অনুসৰি তেওঁলোকৰ ওচৰত নগাঁও জিলাত বিগত পাচ বছৰত পঞ্জীকৃত সকলৰ ভিতৰত মাত্ৰ 29 গৰাকীয়েহে চাকৰি লাভ কৰাৰ তথ্য আছে ৷

এই তথ্যই প্ৰমাণ কৰে ৰাজ্যত বৃদ্ধি পোৱা ভয়াৱহ নিবনুৱা সংখ্যাৰ কথা ৷

কৰ'ণা সৃষ্ট পৰিৱেশ আৰু লক ডাউনৰ ফলত বহিঃৰাজ্যৰ বিভিন্ন কোম্পানীত কৰ্মতৰত বহু শিক্ষিত যুৱক যুৱতীয়েই হেৰুৱাইছে চাকৰি ৷ এনে ক্ষেত্ৰত ভয়াৱহ নিবনুৱা সমস্যা ৰোধৰ ক্ষেত্ৰত চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হব লক্ষণীয় ৷

লগতে পঢ়কঃ অস্থায়ী শিবিৰৰ বানাক্ৰান্তৰ অবৰ্ণনীয় পৰিস্থিতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.