ETV Bharat / state

এটা ট্ৰেন্সফৰ্মাৰক কেন্দ্ৰ কৰি সৃষ্টি সংঘাতৰ - এটা ট্ৰেন্সফৰ্মাৰকলৈ দুখন গাঁৱৰ মাজত সংঘাত

চাৰিদিন ধৰি বিদ্যুৎ যোগান ব্যাহত হৈ আছে কলিয়াবৰৰ গাখীৰখাটি গাঁৱত । ট্ৰেন্সফৰ্মাৰত থকা কাট-আউট সংযোগ কৰিব নিদিয়ে ওচৰৰ জাৱনি গাঁৱৰ কেইজনমান যুৱকে । যাৰ বাবে দুয়োখন গাঁৱৰ মাজত তীব্ৰ সংঘাতৰ সৃষ্টি হৈছে ।

TWO VILLAGE CONFLICT
এটা ট্ৰেন্সফৰ্মাৰকলৈ দুখন গাঁৱৰ মাজত সংঘাত
author img

By

Published : May 21, 2021, 4:56 PM IST

কলিয়াবৰ,২১ মে': কৰ'ণা পৰিস্থিতিৰ মাজতে নগাঁও জিলাৰ কলিয়াবৰত এটা ট্ৰেন্সফৰ্মাৰক লৈ উত্তেজনা দুখন গাঁৱৰ মাজত । এখন গাঁৱৰ কেইজনমান যুৱকে আনখন গাঁৱলৈ ট্ৰেন্সফৰ্মাৰৰ পৰা বিদ্যুতৰ সংযোগ বন্ধ কৰি দিয়াক কেন্দ্ৰ কৰি এই হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হয় ।

উল্লেখ্য যে, শেহতীয়াকৈ কলিয়াবৰৰ জাৱনি গাঁৱত ১৮ জনকৈ লোক কৰ'ণাত আক্ৰান্ত হোৱাত গাঁৱখনক কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিছিল । এই গাঁৱত থকা ট্ৰেন্সফৰ্মাৰৰ পৰা বিদ্যুৎ লাভ কৰে ওচৰৰ গাখীৰখাটি গাঁৱখনে । কিন্তু বিগত চাৰিদিন ধৰি বিদ্যুৎ যোগান ব্যাহত হৈ আছে গাখীৰখাটি গাঁৱত । বিদ্যুৎ সৰবৰাহৰ বাবে ট্ৰেন্সফৰ্মাৰটোত এটা কাট-আউটৰ প্ৰয়োজন । অভিযোগ অনুসৰি কাট-আউট সংযোগ কৰিব নিদিয়ে কণ্টেইনমেণ্ট জ'ন হিচাবে থকা জাৱনি গাঁৱৰ কেইজনমান যুৱকে । যাৰ বাবে দুয়োখন গাঁৱৰ মাজত তীব্ৰ সংঘাতৰ সৃষ্টি হৈছে ।

এটা ট্ৰেন্সফৰ্মাৰকলৈ দুখন গাঁৱৰ মাজত সংঘাত

অভিযোগ মতে, বিদ্যুৎ বিভাগৰ কর্মীকো উক্ত স্থানত প্ৰৱেশত বাধা প্ৰদান কৰে যুৱক কেইজনে । কেৱল এয়াই নহয় জাৱনি গাঁৱৰ যুৱক কেইজনে ইচ্ছাকৃতভাবে বিদ্যুত সংযোগ বিছিন্ন কৰাৰো অভিযোগ উঠিছে । বিদ‍্যুৎ যোগান ব‍্যাহত হোৱাত বিভিন্ন ধৰণৰ সমস্যাত ভুগিছে গাখীৰখাটি গাঁৱৰ ৰাইজ । কৰ'ণা সংক্ৰমণৰ বাবে বন্ধ হৈ থকা বিদ‍্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অনলাইন শিক্ষা গ্ৰহণতো সমস‍্যাৰ সৃষ্টি হৈছে । এইক্ষেত্ৰত বিদ্যুত বিভাগক উচিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে গাখীৰখাটি গাঁৱৰ ৰাইজে ।

লগতে পঢ়ক: তিনিচুকীয়াত ক’ভিডক লৈ সজাগতা ৰতনীপথাৰ যুৱক সংঘৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.