কলিয়াবৰ,25 জানুৱাৰী: ৰাজ্যত অব্যাহত আছে অবৈধ চুপাৰি সৰবৰাহৰ চোৰাং কাৰবাৰ ৷ শনিবাৰে পুৱতি নিশা চলা আৰক্ষীৰ অভিযানত কলিয়াবৰ তিনিআলিত জব্দ দুখনকৈ চুপাৰিভৰ্তি ট্ৰাক ৷ জব্দকৃত ট্ৰাক দুখনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ৬০০ বস্তাৰো অধিক চুপাৰি । নথি-পত্ৰ বিহীন ভাৱে অনা চুপাৰি খিনিৰ লগতে আৰক্ষীয়ে আটক কৰে ট্ৰাক দুখনৰ চালক-হেণ্ডিমেনসহ চাৰিজনকৈ লোকক ৷ জব্দকৃত ট্ৰাক দুখনৰ নম্বৰ UP12 AT-0827 আৰু UP12 AT- 0828 আৰু আটকাধীন লোককেইজন উত্তৰ প্ৰদেশৰ মোদাশ্বিৰ আলি, মঃ ৰচিদ, শ্ৰী ৰাজভৰ আৰু মশ্ৰুৰ আলি বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷
উল্লেখ্য যে নথি-পত্ৰ বিহীন ভাৱে লাখ-লাখ টকাৰ এই বুজন পৰিমাণৰ চুপাৰি বস্তাসমূহ ডিমাপুৰৰ পৰা কলিয়াবৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে তেজপুৰ অভিমুখে গৈ থকা অৱস্থাত আৰক্ষীয়ে জব্দ কৰে ট্ৰাক দুখন ৷ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ এই পৰ্যন্ত কোনোধৰণৰ আনুষ্ঠানিক তথ্য প্ৰকাশ কৰাৰ পৰা বিৰত আছে কলিয়াবৰ আৰক্ষী ৷
লগতে পঢ়ক : চাৰি সপ্তাহৰ অন্তৰ্ৱৰ্তীকালীন জামিনত মুকলি ৰঞ্জন দৈমাৰী