ETV Bharat / state

Theft for marriage: হাতত বিয়াৰ জেতুকা; উপহাৰ আৰক্ষীৰ হেণ্ডকাফ

author img

By

Published : May 27, 2023, 9:10 PM IST

"মই বিয়া পাতিবলৈহে চোৰ কৰিছিলো ৷ মই 7 হাজাৰ টকা চুৰি কৰিছিলো ৷" চুৰিকাৰ্য সংঘটিত কৰি গুলজাৰৰ অকপট স্বীকাৰোক্তি ৷ বিয়াৰ মাহ হালধিৰ গোন্ধ নৌযাওঁতেই আৰক্ষীৰ আলহী হ’ল গুলজাৰ (Operation against thief) ৷

two thieve detained in Nagaon
হাতত বিয়াৰ জেতুকা, উপহাৰ আৰক্ষীৰ হেণ্ডকাফ

নগাঁও, 27 মে’ : "মই বিয়া পাতিবলৈহে চোৰ কৰিছিলো ৷ মই 7 হাজাৰ টকা চুৰি কৰিছিলো ৷" চুৰিকাৰ্য সংঘটিত কৰি গুলজাৰৰ অকপট স্বীকাৰোক্তি ৷ বিয়াৰ মাহ হালধিৰ গোন্ধ নৌযাওঁতেই আৰক্ষীৰ আলহী হ’ল গুলজাৰ (Operation against thief) ৷ হাতত জেতুকাৰ ৰং নৌযাওঁতেই গুলজাৰৰ হাতত আৰক্ষীৰ হেণ্ডকাফ। বিয়া পাতি শহুৰেকৰ ঘৰৰ বিপৰীতে গুলজাৰ আলহী হ'ল আৰক্ষী থানাৰ। নগাঁৱৰ নতুন আৰক্ষী অধীক্ষক নৱনীত মহন্তৰ নেতৃত্বৰ আৰক্ষীৰ প্ৰথমটো চোৰ বিৰোধী অভিযান (two thieve detained in Nagaon) ৷ আৰক্ষীৰ জালত পৰে গভাইত চোৰৰ এটা গেং। চোৰৰ দলটোৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে নগদ ধন, সোণৰ বহু আ-অলংকাৰ।

উল্লেখযোগ্য যে, বিগত কিছুদিনত নগাঁৱৰ বিভিন্ন প্ৰান্তত চোৰে এক প্ৰকাৰ সন্ত্ৰাস চলাই লুটপাত কৰিছিল বিভিন্নজনৰ ঘৰ, অনুষ্ঠান, প্ৰতিষ্ঠান। তাৰ পিচতেই চুৰি ঘটনা নিয়ন্ত্ৰণ কৰাত চূড়ান্তভাৱে ব্যৰ্থ হোৱাৰ অভিযোগ উঠিছিল পূৰ্বৰ আৰক্ষী অধীক্ষক লীনা দলেৰ নেতৃত্বৰ নগাঁও আৰক্ষীৰ বিৰুদ্ধে । স্থানীয় লোকে অভিযোগ কৰা অনুসৰি পূৰ্বৰ নগাঁও আৰক্ষীৰ চূড়ান্ত অৱহেলা, অকৰ্মণ্যতাৰ সুযোগ লৈয়েই চোৰে চলাই গৈছিল লুটপাত (Theft incident in Ngaoan)। আৰক্ষীৰ নিস্ক্ৰিয়তাৰ সুযোগ লৈ চোৰৰো গেং শক্তিশালী হৈছিল নগাঁৱত।

কিন্তু জোনমণি ৰাভাৰ মৃত্যু বিতৰ্কত সাঙোৰ খাই আৰক্ষী অধীক্ষক লীনা দলে বদলি হোৱাৰ পিচতেই নগাঁৱত যোগদান কৰা আৰক্ষী অধীক্ষক নৱনীত মহন্তৰ নেতৃত্বত নগাঁও আৰক্ষীয়ে প্ৰথমেই চোৰৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে। শনিবাৰে চোৰৰ বিৰুদ্ধে অভিযান চলাই এটা চোৰৰ গেঙৰ দুটা চোৰক আটক কৰিবলৈ সক্ষম হয় নগাঁও আৰক্ষী । চুৰি গোচৰত গুলজাৰ হুছেইনৰ লগতে আব্দুল ৰহিমকো গ্ৰেপ্তাৰ কৰে আৰক্ষীৰ দলে ৷ ধৃত দুই চোৰৰ পৰা আৰক্ষীয়ে নগদ ধনসহ কেইবালাখ টকাৰ সোণৰ আ-অলংকাৰ আৰু অন্যান্য মূল্যবান সামগ্ৰীও জব্দ কৰে ৷

স্মৰ্তব্য যে, ধৃত চোৰৰে এটা গুলজাৰে শেহীতীয়াকৈ বিয়া পাতিছিলহে মাথো ৷ নগাঁৱৰ চোৰৰ গেঙৰ এটা অন্যতম সদস্য এই গুলজাৰ। গুলজাৰে চুৰি কৰা ধনেৰেই পাতিছিল বিয়া। লোকৰ ঘৰত লুটপাত চলাই বিয়া পাতি এতিয়া শহুৰেকৰ ঘৰৰ বিপৰীতে আলহী হ'ল আৰক্ষী থানাৰ লক আপৰ।

লগতে পঢ়ক: SI Junmoni Rabha death case: লীনা দলেৰ কাৰ্যাকালত নগাঁৱত কোন কোন আৰক্ষী বিষয়াই গঢ়িলে সম্পত্তিৰ পাহাৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.