ETV Bharat / state

কলঙৰ বুকুত সন্ধানহীন দুই ছাত্ৰ

কলং নৈত গা ধুবলৈ গৈ সন্ধানহীন দুই ছাত্ৰ ৷ বুধবাৰে দুপৰীয়া চকৰিগাঁৱৰ মজলীয়া বিদ্যালয়ৰ ছাত্ৰৰ দল এটাই বিজ্ঞান প্ৰজেক্টৰ কামৰ বাবে ভোটাইগাঁৱৰ খেলপথাৰৰ প্ৰেক্ষাগৃহলৈ গৈছিল ৷ তাৰ মাজৰে সপ্তম শ্ৰেণীৰ দুই ছাত্ৰই কলং নৈত গা ধুবলৈ গৈ সন্ধানহীন হৈ পৰে ৷

author img

By

Published : Nov 25, 2020, 8:53 PM IST

as_ngn_two_students_missing_img_7203829
কলঙৰ বুকুত সন্ধানহীন দুই ছাত্ৰ

নগাঁও,25 নৱেম্বৰ: নগাঁৱৰ ভোটাইগাঁৱত চাঞ্চল্য ৷ নগাঁৱৰ কলঙৰ বুকুত নিখোজ দুই ছাত্ৰ ৷ বুধবাৰে দুপৰীয়া চকৰিগাঁৱৰ মজলীয়া বিদ্যালয়ৰ ছাত্ৰৰ দল এটাই ভোটাইগাঁৱৰ খেলপথাৰৰ প্ৰেক্ষাগৃহত বিজ্ঞান প্ৰজেক্টৰ কামত ব্যস্ত আছিল । আন ছাত্ৰসকল কামত ব্য়স্ত থকাৰ মাজতে সপ্তম শ্ৰেণীৰ ছাত্ৰ ত্ৰিদিপ কলিতা আৰু বিকাশ বৰাই কলং নৈত গা ধুবলৈ যায় ৷ গা ধুবলৈ যোৱাৰ পিছৰে পৰা সন্ধানহীন হৈ পৰে দুই ছাত্ৰ ৷

as_ngn_two_students_missing_img_7203829
কলঙৰ বুকুত সন্ধানহীন দুই ছাত্ৰ

ছাত্ৰৰ দলটোৰ পৰা দুই ছাত্ৰ সন্ধানহীন হৈ পৰাৰ পাছত হুৱাদুৱা লাগে আন ছাত্ৰসকলৰ মাজত ৷ ইতিমধ্যে নিৰুদিষ্ট ছাত্ৰ দুজনৰ সন্ধানত SDRF ৰ দলে কলঙৰ বুকুত অব্যাহত ৰাখিছে অভিযান ৷ কিন্তু বাতৰি সংগ্ৰহ কৰাৰ সময়লৈকে ছাত্ৰ দুজনৰ কোনো সন্ধান ওলোৱা নাই ৷

লগতে পঢ়ক:জৈৱিক পাচলিৰে শিক্ষাৰ্থীক মধ্যাহ্ন ভোজন যোগান টীয়কৰ বিদ্যালয়ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.