নগাঁও, 28 এপ্ৰিল: লক ডাউনৰ মাজতেই নগাঁৱত বৃহৎ পৰিমাণৰ হেৰ'ইনসহ আৰক্ষীৰ জালত পৰিল দুই ড্ৰাগছ সৰবৰাহকাৰী ৷ মঙলবাৰে পুৱা আই পি এছ বিষয়া সৌৰভ গুপ্তা আৰু নগাঁও নগৰ শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া কুন্দন ৰবি দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে চলোৱা অভিযানত নগাঁৱৰ কাৱৈমাৰীৰ পৰা হেৰ'ইনসহ আটক কৰে দুই সৰবৰাহকাৰীক ৷ সৰবৰাহকাৰী দুটা ক্ৰমে মজিবুৰ ৰহমান আৰু মাইনুল হক বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷
অভিযানত ধৃত দুই সৰবৰাহকাৰীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে লক্ষাধিক টকাৰ হেৰ'ইনৰ লগতে প্ৰায় 30 হাজাৰ টকা নগদ ধন ৷ ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে দুয়োকে জেৰা অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে ৷