নগাঁও,22 ডিচেম্বৰঃ অবৈধ বালি সৰবৰাহৰ বিৰোধিতা কৰি নগাঁও, মৰিগাঁও জিলাৰ ট্ৰাক মালিক সন্থাই মঙলবাৰে নগাঁও জিলা বন সংমণ্ডল বিষয়াক এখনি স্মাৰকপত্ৰ পত্ৰ প্ৰদান কৰে । এক অসাধু চক্ৰই মধ্য অসমৰ বিভিন্ন মহলৰ পৰা নিৰ্দিষ্ট পৰিমানতকৈ অধিক পৰিমাণৰ বালি সৰবৰাহ কৰি এক ছিণ্ডিগেট চলাই থকাৰ অভিযোগ উত্থাপন কৰিছে ট্ৰাক মালিক সন্থাই ।
ট্ৰাক মালিক সন্থাৰ অভিযোগ মতে অসাধু চক্ৰটোৱে ডাম্পাৰ আৰু ট্ৰাকৰ জৰিয়তে কাৰ্বি আংলং, হোজাই, বৈঠলাংছু, আঁহতগুৰি আদিৰ পৰা নিৰ্ধাৰিত পৰিমানতকৈ অধিক বালি সৰবৰাহ কৰি ৰাজহ ফাঁকি দিয়াৰ উপৰি বাট পথ বিধ্বস্ত কৰিছে । অবৈধ বালি সৰবৰাহ সন্দৰ্ভত এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে ট্ৰাক মালিক সন্থাই ।
লগতে পঢ়কঃ যোৰহাটৰ ৰাজপথত চাকৰি বিচাৰি প্ৰতিবাদ