নগাঁও, ১ জুলাই : নগাঁৱত দ্ৰুতগতিত বৃদ্ধি পাইছে কোভিড-১৯ আক্ৰান্তৰ সংখ্যা । নতুনকৈ জিলাখনত পুনৰ ২৩ গৰাকী লোক কোভিড-১৯ ত আক্ৰান্ত হোৱাৰ তথ্য প্ৰকাশ কৰিছে স্বাস্থ্য বিভাগে ।
উল্লেখযোগ্য যে, এই পৰ্যন্ত নগাঁও জিলাত কোভিড-১৯ ত আক্ৰান্ত হৈছে ৬৫৯ গৰাকী লোক । তাৰ ভিতৰত ৪৪৪ গৰাকী সুস্থ হৈ ঘৰলৈ উভতিছে । লগতে, চিকিৎসাধীন হৈ থকা নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ পৰা ১৬ গৰাকী, উজৰা গাঁও মডেল হাস্পতালৰ পৰা ১ গৰাকী আৰু মোৱামাৰী মডেল হস্পিতালৰ পৰা ৪ গৰাকী সুস্থ হোৱা লোকক বুধবাৰে ঘৰলৈ যাবলৈ দিয়া হৈছে ।

সম্প্ৰতি নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ কোভিড চিকিৎসালয়ত ৮৭ গৰাকী, কন্দলি আদৰ্শ প্ৰাথমিক চিকিৎসালয়ত ৩৮ গৰাকী, উজৰা গাঁও আদৰ্শ চিকিৎসালয়ত ২১ আৰু মোৱামাৰী আদৰ্শ চিকিৎসালয়ত ৪১ গৰাকী লোক চিকিৎসাধীন হৈ আছে ।
লগতে পঢ়ক : তোষামোদকাৰীৰে ভৰিছে বিজেপি দল: প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ