ETV Bharat / state

বিয়লি তিনি বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Jan 24, 2022, 3:01 PM IST

দিনটোৰ শীৰ্ষ দহটা বাতৰি

Top ten News
বিয়লি তিনি বজাৰ শীৰ্ষ দহটা বাতৰি

Another police attack on student leader: নগাঁৱৰ পিছতে এইবাৰ কাকপথাৰত ছাত্ৰ নেতাক আক্ৰমণ আৰক্ষীৰ

নগাঁৱৰ ঘটনাৰ পিছত এইবাৰ কাকপথাৰত ছাত্ৰ নেতাক শাৰীৰিক আক্ৰমণ অসম আৰক্ষীৰ বিষয়াৰ ৷ এনকাউন্টাৰৰ পৰিকল্পনা কৰাৰো অভিযোগ পৰিয়ালৰ (Attempt to encounter allegation against police officer) ৷

চাকৰি দিম বুলি মামাই নিবনুৱাক দিছে বন্দুকৰ গুলী : ভূপেন বৰা

মামাৰ পৰা অসমৰ অসমীয়া নিবনুৱাই চাকৰি আশা কৰিছিল, কিন্তু চাকৰিৰ নামত এতিয়া পাইছে বন্দুকৰ গুলী ৷ এই মন্তব্য কৰিলে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ নগাঁৱৰ গুলীবিদ্ধ ছাত্ৰ নেতাৰ ঘৰত উপস্থিত হৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই চোকা সমালোচনা কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক (Bhupen Borah condemns Nagaon police encounter incident) ৷

Akhil Gogoi on disputed land transfer: এয়া অসমৰ ভূমি, মুখ্যমন্ত্ৰীৰ ঘৰৰ নহয়

ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে অসমৰ ভূমি মেঘালয়ক প্ৰদান সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে(Akhil Gogoi on disputed land transfer) । তেওঁ কয় যে মেঘালয়ক হঠাৎে অসমৰ মাটি দান দিবৰ বাবে মুখ্যমন্ত্ৰীয়ে পৈত্ৰিক সম্পত্তিৰ দৰে আগবাঢ়ি গৈছে । এয়া অসমৰ ভূমি, মুখ্যমন্ত্ৰীৰ ঘৰৰ ভূমি নহয় ।

Nagaon police encounter: কীৰ্তি কমল বৰাৰ এনকাউণ্টাৰৰ ন্যায়িক তদন্ত দাবী আছুৰ

প্ৰাক্তন আছু নেতা কীৰ্তি কমল বৰাৰ ওপৰত আৰক্ষীয়ে কৰা গুলিচালনাৰ ঘটনাক তীক্ষ্ণ ভাষাৰে গৰিহণা দিলে সদৌ অসম ছাত্ৰ সন্থাই(AASU condemns Nagaon police encounter) ৷ লগতে গুলীচালনাৰ এই ঘটনাৰ ন্যায়িক তদন্তৰ দাবী জনাইছে সদৌ অসম ছাত্ৰ সন্থাই (AASU demanded a judicial inquiry)৷

ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ফলাফল ঘোষণা

ঘোষিত হ'ল ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ফলাফল । পৰিষদৰ ২২ টা সমষ্টিৰ সমান্তৰালভাৱে ডিব্ৰুগড় জিলাৰ একমাত্ৰ পৰিষদীয় সমষ্টিটোত শেষ হাঁহি মাৰিলে বিজেপিয়ে । জিলাখনৰ মেৰবিল সমষ্টিত বিজেপি প্ৰাৰ্থী মনদীপ বড়াই ১৭০৩ টা ভোট লাভ কৰি তেওঁৰ নিকটতম প্ৰতিদ্বন্দী অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী কুশৰাম বড়াক ৮৮৩ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি বিজয়ৰ শেষ হাঁহি মাৰিবলৈ সক্ষম হয় ।

ৰাজ্যৰ স্নাতক শিক্ষক আৰু স্নাতকোত্তৰ শিক্ষকৰ নতুন নামকৰণ

দেওবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Assam CM Himanta Biswa Sarma) ই সকলো জিলাৰ জিলা প্ৰাথমিক শিক্ষা বিষয়া আৰু বিদ্যালয় পৰিদৰ্শকসকলৰ সৈতে শিক্ষা বিভাগৰ বিভিন্ন বিষয়ৰ সন্দৰ্ভত পৰ্যালোচনা কৰে (CM review meeting on Education Department) ।

এইবাৰ গণৰাজ্য দিৱসত বন্ধ নিদিয়ে আলফাই

ক’ভিড মহামাৰীৰ তৃতীয়টো ঢৌৰ সংক্রমণ বৃদ্ধি পাই থকা আৰু বিগত দুটা বছৰত থলগিৰি জনগণৰ জীৱন-জীৱিকাৰ ওপৰত নেতিবাচক প্রভাৱ পৰাৰ পৰিপ্ৰেক্ষিতত আলফা স্বাধীনে এইবাৰ গণৰাজ্য দিৱসত সশস্ত্র প্রতিবাদ আৰু বন্ধ ঘােষণা কৰা নাই (ULFA I statement on Republic day) ।

সত্য প্ৰমাণিত হ'ল ইটিভিৰ বাতৰি: বিধানসভাত মিত্ৰ হ'ল বিজেপি-বিপিএফ

যোৱা ২০ জানুৱাৰীত ইটিভি ভাৰতে প্ৰকাশ কৰিছিল বিজেপি আৰু বিপিএফৰ মাজত মিত্ৰতা স্থাপন হোৱাৰ সম্ভাৱনাৰ বাতৰি ৷ দেওবাৰে বিয়লি জনতা ভৱনত বি পি এফৰ তিনি বিধায়ক ক্ৰমে দুৰ্গাদাস বড়ো, ৰবিৰাম নাৰ্জাৰী আৰু চৰণ বড়োক লগত লৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে এই একে কথা (CM Himanta on alliance with BPF) ৷

Police encounter at Dhubri: ধুবুৰীত অসম আৰক্ষীৰ এনকাউণ্টাৰত গুলীবিদ্ধ ড্ৰাগছ মাফিয়া

পুনৰ অসম আৰক্ষীৰ গুলীত আহত ড্ৰাগছ মাফিয়া । এইবাৰ ধুবুৰীত অসম আৰক্ষীৰ এনকাউণ্টাৰ (Assam Police encounter at Dhubri)। গুলীবিদ্ধ ড্ৰাগছ মাফিয়া ধুবুৰী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন ।

চাৰি বিষয়ালৈ নিৰ্বাচন আয়োগৰ শ্রেষ্ঠ জিলা নির্বাচনী বিষয়াৰ বঁটা

মঙলবাৰে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উপলক্ষে মাছখোৱাৰ আই আই টি সভাগৃহত আয়োজিত বিশেষ অনুষ্ঠানত ৰাজ্যপাল জগদীশ মুখীয়ে চাৰি বিষয়ালৈ নিৰ্বাচন আয়োগৰ শ্রেষ্ঠ জিলা নির্বাচনী বিষয়াৰ বঁটা প্ৰদান কৰিব (Best electoral award) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.