ETV Bharat / state

মোক লাইফ বনাই দিম বুলি কোৱাত বেচিছিলো কিডনী : চাঞ্চল্যকৰ স্বীকাৰোক্তি

নগাঁৱৰ কৈৱৰ্ত হুজগাঁৱৰ সাতজনকৈ লোকে কিডনী বিক্ৰী কৰাৰ ঘটনা পোহৰলৈ আহিছে । ইয়াৰে এগৰাকী লোকে কিডনী বিক্ৰী কৰা বুলি প্ৰতক্ষ্যভাৱে স্বীকাৰ নকৰিলেও স্বীকাৰ কৰিছে কিডনী দিয়াৰ আঁৰৰ কথা । ব্যক্তি গৰাকীয়ে সদৰি কৰে যে, আৰ্থিক দৈন্যতাই কোঙা কৰাৰ বাবে তেওঁ কিডনী বিক্ৰী কৰিব লগীয়া হৈছিল ৷

author img

By

Published : Jul 14, 2021, 8:44 PM IST

kidney-sold-for-land
মোৰ একোৱেই নাই, অভাৱ দূৰ কৰিবলৈহে কিডনী বিক্ৰী কৰিছো

নগাঁও, 14 জুলাই : মৰিগাঁৱৰ (MORIGAON )পাচত এইবাৰ নগাঁৱত (NAGAON) পোহৰলৈ আহিছে মানৱ অংগ ব্যৱসায়ৰ (human organs business) ভয়ংকৰ ঘটনা । কিডনী বিক্ৰী কৰা এগৰাকী লোকৰ ভয়ংকৰ স্বীকাৰোক্তিৰ পাচতে পোহৰলৈ আহিছে সমগ্ৰ ঘটনা । কিডনী বিক্ৰী কৰা এগৰাকী লোকে উল্লেখ কৰিছে যে, মোৰ লাইফ বনাই দিব বুলি কোৱাতহে মই কিডনী (KIDNY) দিছিলো । অভাৱত পৰি এজন অভিযন্তাৰ কথাত দিছিলো কিডনী ।

উল্লেখযোগ্য যে, মৰিগাঁও জিলাৰ ধৰমতুলৰ কিডনী বিক্ৰীৰ ঘটনাই সমগ্ৰ ৰাজ্য তোলপাৰ লগোৱাৰ সময়ত পোহৰলৈ আহিছে নগাঁৱৰ কৈৱৰ্ত হুজগাঁৱৰ সাতজনকৈ লোকে কিডনী বিক্ৰী কৰাৰ ঘটনা । ইয়াৰে এগৰাকী লোকে কিডনী বিক্ৰী কৰা বুলি প্ৰতক্ষ্যভাৱে স্বীকাৰ নকৰিলেও স্বীকাৰ কৰিছে কিডনী দিয়াৰ আঁৰৰ কথা । ব্যক্তি গৰাকীয়ে সদৰি কৰে যে, আৰ্থিক দৈন্যতাই কোঙা কৰাৰ বাবে তেওঁ কিডনী বিক্ৰী কৰিব লগীয়া হৈছিল ৷ আৰ্থিক দৈন্যতাৰ বাবেই পৰিয়াল পোহ-পাল দিয়াত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল লোকজনৰ ।

মোৰ একোৱেই নাই, অভাৱ দূৰ কৰি

মনকৰিবলগীয়া যে, অৰ্থৰ অভাৱত পৰি ককবকাই থকা সময়তেই কেইদিনমান পূৰ্বে গুৱাহাটীৰ এজন অভিযন্তাই প্ৰলোভন দি কিডনী লোৱাৰ কথা স্বীকাৰ কৰিছে লোকজনে ৷ উল্লেখযোগ্য যে, লোকজনক অভিযন্তা গৰাকীয়ে ধনী কৰি দিয়া আৰু মাটি কিনি দিয়াৰ প্ৰলোভন দিছিল ৷ সেই প্ৰলোভনত পৰিয়েই নিজৰ কিডনী দি দিছিল লোকজনে ৷ কেৱল এই লোকজনেই নহয়, নগাঁৱৰ কৈৱৰ্ত হুজগাঁৱৰ সাতজনকৈ লোকে ধনৰ বিনিময়ত কিডনী দিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে । স্থানীয়লোকৰ অভিযোগ অনুসৰি এতিয়াও চাৰিজনকৈ লোক কলিকতাত আছে দেহৰ কিডনী বিক্ৰী কৰিবলৈ ।

এনে মানৱ দেহৰ অংগ ব্যৱসায়ী চক্ৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ চৰকাৰলৈ আহ্বান জনাইছে ভুক্তভোগীৰ লগতে স্থানীয় লোকে । কিন্তু এই ঘটনা পোহৰলৈ অহাৰ পাছতে প্ৰশ্ন উত্থাপন হৈছে যে, এই লোকসকলক নথি-পত্ৰৰ যোগান কোনে ধৰে ? গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত কোন কোন মানৱ দেহৰ অংগৰ দালালে এই লোকসকলক পৰিয়ালৰ মানুহ বুলি ক'বলৈ শিকাই দিয়ে । চুক্তি পত্ৰত কেৱল চহীটোহে কৰে ভুক্তভোগীয়ে । অতি কৌশলেৰে দৰিদ্ৰ লোকসকলক ধনৰ প্ৰলোভন দি দেহৰ অংগ দান কৰিবলৈ বাধ্য কৰায় মানৱ দেহৰ অংগৰ ব্যৱসায়ীবোৰে । সম্প্ৰতি ইয়াকে লৈ ৰাজ্যজুৰি চাঞ্চল্যই বিৰাজ কৰিছে ৷

লগতে পঢ়কঃ এনকাউণ্টাৰৰ প্ৰসংগত সদনত কি ক'লে মুখ্যমন্ত্রীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.