ETV Bharat / state

TMC joining program : নগাঁৱত তৃণমূল কংগ্ৰেছৰ যোগদান কাৰ্যসূচী

author img

By

Published : Jul 19, 2022, 8:34 PM IST

নগাঁৱত কেইবাগৰাকী লোকে তৃণমূল কংগ্ৰেছ দলত যোগদান কৰে (TMC joining program)। অনুষ্ঠানত অংশগ্ৰহণ কৰি শাসকীয় বিজেপি দলৰ লগতে কংগ্ৰেছ, এ আই ইউ ডি এফ দলক তীব্ৰ কটাক্ষ কৰে তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুন বৰাই । মহুৱা মৈত্ৰৰ টুইট বিতৰ্ক সম্পৰ্কতো মন্তব্য কৰে নেতাগৰাকীয়ে ।

TMC joining program
নগাঁৱত তৃণমূল কংগ্ৰেছৰ যোগদান কাৰ্যসূচী

নগাঁও,১৯ জুলাই : শেহতীয়াকৈ অসমত তৃণমূল কংগ্ৰেছ দলে নিজৰ ভেটি শক্তিশালী কৰাৰ উদ্দেশ্যে প্ৰচেষ্টা অব্যাহত ৰাখিছে । সমান্তৰালকৈ দলটোত নতুন সদস্য ভৰ্তি কৰাৰ বাবেও বিভিন্ন স্থানত যোগদান কাৰ্যসূচী ৰূপায়ণ কৰিছে । আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অসমত তৃণমূল কংগ্ৰেছে আৰম্ভ কৰিছে ব্যাপক তৎপৰতা । নগাঁৱতো মঙলবাৰে এক যোগদান কাৰ্য্যসূচীৰ আয়োজন কৰে তৃণমূল কংগ্ৰেছে ।

তৃণমূল কংগ্ৰেছৰ নগাঁও জিলা সমিতিৰ উদ্যোগত জিলা সাহিত্য সভা ভৱনত যোগদান এই কাৰ্যসূচীৰ আয়োজন কৰা হয় (Joining program of TMC at Nagaon)। অনুষ্ঠানত অংশগ্ৰহণ কৰি শাসকীয় বিজেপি দলৰ লগতে কংগ্ৰেছ, এ আই ইউ ডি এফ দলক তীব্ৰ কটাক্ষ কৰে তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুন বৰাই । কংগ্ৰেছ আৰু এ আই ইউ ডি এফ ধোঁৱা তুলসীৰ পাত নহয় বুলি উল্লেখ কৰি দুয়োটা দলেই নিজৰ নিজৰ দুৰ্বলতা লুকুৱাবৰ বাবে বোকা চটিওয়া ৰাজনীতি আৰম্ভ কৰিছে বুলি মন্তব্য কৰে ৰিপুন বৰাই (Ripun Bora slams Congress and AIUDF)।

নগাঁৱত তৃণমূল কংগ্ৰেছৰ যোগদান কাৰ্যসূচী

তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰয়ে আহোম সম্প্ৰদায়ক আক্ৰমণ কৰি কোনো টুইট কৰা নাই বুলিও উল্লেখ কৰে ৰিপুন বৰাই (Ripun Bora on Mahua Moitra controversy)। তেওঁৰ মতে ভুল বাখ্যা কৰা হৈছে মহুৱা মৈত্ৰৰ মন্তব্যক । মহুৱা মৈত্ৰয়ে ৰঞ্জন গগৈকহে কৈছিল । কোনো সম্প্ৰদায়ক আক্ৰমণ কৰা নাছিল ।

কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ কিছু সংখ্যক নেতা বিজেপিৰ পকেটত আছে বুলিও নগাঁৱত সংবাদ মাধ্যমৰ সন্মুখত বিস্ফোৰক মন্তব্য কৰে ৰিপুন বৰাই । অসমত কোনো বিৰোধী দল নাই, সেয়ে আগন্তুক দিনত অসমত তৃণমূল কংগ্ৰেছেই শক্তিশালী বিৰোধী দল হ'ব বুলিও মন্তব্য কৰে তৃণমূল কংগ্ৰেছৰ নেতা ৰিপুন বৰাই । অত্যাধিক কৰ জাপি দি মোডী চৰকাৰে দেশৰ জনতাৰ ওপৰত একপ্ৰকাৰ সন্ত্ৰাস চলাইছে বুলিও অভিযোগ কৰে ৰিপুন বৰাই (Ripun Bora criticized BJP Govt)।

জি এছ টিৰ দ্বাৰা নৰেন্দ্ৰ মোডীয়ে দেশত লুট ৰাজ আৰম্ভ কৰিছে বুলি অভিযোগ কৰে নেতাগৰাকীয়ে । চৰকাৰ চলাবলৈ পুঁজি নথকাৰ বাবে মোডী চৰকাৰে সৰ্বসাধাৰণ ৰাইজৰ ওপৰত কৰ জাপি দিছে বুলি তেওঁ গুৰুতৰ অভিযোগ কৰে । বিজেপিক পুঁজিপতিৰ চৰকাৰ আখ্যা দি শাসকীয় চৰকাৰক জনবিৰোধী চৰকাৰ বুলিও মন্তব্য কৰে তৃণমূল কংগ্ৰেছৰ নেতাগৰাকীয়ে । ৰিপুন বৰাই কটাক্ষ কৰি কয় যে বিজেপি চৰকাৰ কেতিয়াও জনদৰদী চৰকাৰ নহয় । ইফালে একেদিনাই ৰিপুন বৰাৰ উপস্থিতিত নগাঁৱত কৃতি ছাত্ৰ-ছাত্ৰীসকলকো সম্বৰ্ধনা জ্ঞাপন কৰে নগাঁও জিলা তৃণমূল কংগ্ৰেছে ।

লগতে পঢ়ক :Miles Bronson birthday : নগাঁৱত উদযাপন কৰা হ'ব ড৹ মাইলছ ব্ৰনছনৰ জন্মদিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.