ETV Bharat / state

আজি মাঘ মাহৰ প্ৰথমটো বুধবাৰ: তিৱা লোকসকলে উদযাপন কৰিলে পিচু - pichu

আজি মাঘ মাহৰ প্ৰথমটো বুধবাৰ ৷ মাঘৰ প্ৰথমটো বুধবাৰে তিৱা জনগোষ্ঠীয় লোকসকলে মাঘ বিহু উদযাপন কৰে ৷ তিৱা সকলে এই বিহুক পিচু বুলি কয় ৷

AS_BARHAMPURtiwa-tribal-people-are-celebrating-pichu_vis_ASC10032
আজি মাঘ মাহৰ প্ৰথমটো বুধবাৰ: তিৱা লোকসকলে উদযাপন কৰিলে পিচু
author img

By

Published : Jan 20, 2021, 6:19 PM IST

বঢ়মপুৰ,20 জানুৱাৰী: আজি তিৱা জনগোষ্ঠীয় লোকসকলে উলহ মালহেৰে উদযাপন কৰিলে মাঘ বিহু ৷ ৰাজ্যবাসীয়ে উদযাপন কৰা মাঘ বিহুৰ বিপৰীতে তিৱা জনগোষ্ঠীয় লোকসকলে মাঘ মাহৰ পহিলা বুধবাৰেহে মাঘ বিহু উদযাপন কৰে ৷ তিৱা জনগোষ্ঠীয় লোকসকলে এই বিহুক ‘পিচু’ বুলি কয় ৷ আনহাতে, মাঘৰ উৰুকাৰ দিনা বুকলুং বিলত সমজুৱা মাছমৰা পৰ্বৰ পিছতে ভেলাঘৰত লগে ভাগে এসাঁজ খায় ৷

আজি মাঘ মাহৰ প্ৰথমটো বুধবাৰ: তিৱা লোকসকলে উদযাপন কৰিলে পিচু

পিচুক লৈ এতিয়া উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে সমগ্ৰ মধ্য অসমত ৷ নগাঁও জিলাৰ কঠিয়াতলী আমগুৰি, নামবৰ গাঁৱত তিৱা জনগোষ্ঠীয় লোকসকলে মেজিৰ আগত অগ্নিসেৱা কৰি সকলোৰে আশু-আৰোগ্য কামনা কৰি প্ৰাৰ্থনা আগবঢ়ায় ৷

লগতে পঢ়ক-বিহুৰ পূৰ্বেই অসমত নিৰ্বাচনৰ ইংগিত মুখ্য নিৰ্বাচন আয়ুক্তৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.