নগাঁও, 19 ডিচেম্বৰ: তিৱা স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনত কংগ্ৰেছ শূন্য হ'ল নগাঁও ৷ নগাঁৱৰ দহটা পৰিষদীয় সমষ্টিয়েই দখল কৰিবলৈ সক্ষম হৈছে ভাৰতীয় জনতা পাৰ্টীয়ে ৷ নগাঁৱত বিজেপিয়ে 100 শতাংশ বিজয় সাব্যস্ত কৰাৰ পাছত উৎসৱমুখৰ হৈ পৰে নগাঁও চহৰ ।
বিজেপি কৰ্মী সমৰ্থকে বিজয় উলাহেৰে উত্তাল কৰিছে নগাঁও ৷ তিৱা স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন ছেমি ফাইনেল বুলি মন্তব্য কৰি আগন্তুক বিধানসভা নিৰ্বাচনতো কংগ্ৰেছ শূন্য হ'ব বুলি মন্তব্য কৰে ৰহা সমষ্টিৰ বিজেপি বিধায়ক ডিম্বেশ্বৰ দাসে ৷
লগতে পঢ়ক: জালুকবাৰীৰ ভয়াৱহ অগ্নিকাণ্ডত ভস্মীভূত 50 টাকৈ বাসগৃহ