ETV Bharat / state

ৰাজ্যজুৰি গুৰুজনাৰ তিৰোভাৱ তিথি পালন; বটদ্ৰৱাত সেৱা ল'লে হিমা দাসে

গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে ৰাজ্যৰ ভিন্ন স্থানত ক'ভিড প্ৰট'কলৰ মাজেৰে আয়োজন কৰা হয় নাম-প্ৰসংগ । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ তিৰোভাৱ তিথিৰ দিনা বটদ্ৰৱা থানত সেৱা ল'লে ধিং এক্সপ্ৰেছ হিমা দাসে ।

author img

By

Published : Sep 8, 2021, 8:28 PM IST

Tithi of Srimanta Sankardev 2021
ৰাজ্যজুৰি গুৰুজনাৰ তিৰোভাৱ তিথিত পালন

নগাঁও, 8 ছেপ্টেম্বৰ : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ তিৰোভাৱ তিথিৰ দিনা বটদ্ৰৱা থানত সেৱা ল'লে ধিং এক্সপ্ৰেছ হিমা দাসে । গুৰুজনাৰ আশিস বিচাৰি পুৱাই বটদ্ৰৱা থানত উপস্থিত হয় হিমা দাস । গুৰুজনাৰ তিৰোভাৱ তিথিত বটদ্ৰৱা থানত উপস্থিত হৈ হিমা দাসত আনন্দিত হৈ পৰা দেখা যায় ৷

বটদ্ৰৱাত সেৱা ল'লে হিমা দাসে

উল্লেখ্য যে, গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে পুৱাৰ পৰাই উখল মাখল পৰিবেশে বিৰাজ কৰে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত । হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰে বটদ্ৰৱা থান । ৰাজ্যৰ বিভিন্ন সত্ৰ নামঘৰৰ লগতে শংকৰদেৱ তিৰোভাৱ তিথি বটদ্ৰৱা থানত গুৰু কীৰ্তন হিচাপে পালন কৰা হয় ।

বটদ্ৰৱা থানৰ পৰম্পৰা অনুসৰি শ শ বছৰ ধৰি গুৰু কীৰ্তন দুদিনীয়া কাৰ্যসূচীৰে পালন কৰি অহা হৈছে । ধৰ্মীয় পৰম্পৰাৰে মঙলবাৰৰ পৰা আৰম্ভ হোৱা গুৰু কীৰ্তনৰ বুধবাৰে পুৱা নাম প্ৰসংগ, মঞ্জিৰা নাম, আইসকলৰ নাম, খোল প্ৰসংগৰে এক আধ্যাত্মিক পৰিবেশ বিৰাজ কৰিছে বটদ্ৰৱা থানত ।

সাংস্কৃতিক শিল্পী সংঘৰ উদ্যোগত বিলাসীপাৰাত গুৰুজনাৰ তিৰোভাৱ তিথি পালন

একেদৰে বিলাসীপাৰাত গুৰুজনাৰ তিৰোভাৱ তিথিৰ উপলক্ষে সাংস্কৃতিক শিল্পী সংঘৰ উদ্যোগত দুৰ্গাপুৰ ৰাজহুৱা নামঘৰত নাম প্ৰসংগৰে মুখৰিত পৰে । সেৱা ল'বলৈ পুৱাৰে পৰাই নামঘৰত সমাগম ঘটে অগণন ভক্ত প্ৰাণ ৰাইজৰ ৷ সম্পূৰ্ণ ক'ভিড প্ৰট'কল পালন কৰি গুৰুজনাৰ তিৰোভাৱ তিথিৰ পালন কৰা হয় বুলি জানিবলৈ দিছে উদ্যোক্তা মণ্ডলীয়ে ৷

শ্ৰীশ্ৰী আঠখেলীয়া বৰনামঘৰত নাম-প্ৰসংগ

গুৰুজনাৰ তিৰোভাৱ তিথিৰ উপলক্ষে শ্ৰীশ্ৰী আঠখেলীয়া বৰনামঘৰতো ক'ভিড প্ৰট'কলৰ মাজেৰে আয়োজন কৰা হয় নাম-প্ৰসংগ । হৰি নামৰ ধ্বনিত নামঘৰৰ চৌপাশে সৃষ্টি হয় এক আধ্যাত্মিক পৰিৱেশৰ ৷ নামঘৰ পৰিচালনা সমিতিয়ে সদৰি কৰা মতে, পূৰ্বে গুৰুজনাৰ তিৰোভাৱ তিথিৰ দিনাটোত আঠখেলীয়া বৰনামঘৰত হাজাৰ হাজাৰ লোকে ভিৰ কৰে যদিও এইবাৰ ক'ভিড পৰিস্থিতিৰ বাবে ভক্তৰ সমাগম সীমিত ৷

হেঙেৰাবাৰীৰ বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত গুৰুজনাৰ তিৰোভাৱ তিথি পালন

গুৱাহাটীৰ হেঙেৰাবাৰীৰ বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত বুধাবাৰে পালন কৰা হয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৩ সংখ্যক তিৰোভাৱ তিথি ৷ অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মাৰ লগতে বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতা, সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মা, উত্তৰ পূবৰ ক্ষেত্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক অজয় জামোৱাল, মন্ত্ৰী অশোক সিংঘাল, মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু যোগেন মোহনৰ লগতে ৰাজ্যিক বিজেপিৰ বিষয়ববীয়া সকল ।

লগতে পঢ়ক: নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাত নিহত 1; সন্ধানহীন অৰ্ধশতাধিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.