ETV Bharat / state

নগাঁও আৰু বিলাসীপাৰাত বন বিভাগৰ অভিযানত জব্দ চোৰাং কাঠ

author img

By

Published : Sep 4, 2020, 10:06 PM IST

নগাঁৱৰ কচুৱাত চোৰাং চেগুন কাঠ ভৰ্তি বলেৰ' পিকআপ ভান জব্দ ৷ বিলাসীপাৰাতো বন বিভাগৰ অভিযানত জব্দ অবৈধ কাঠফলা মিল ৷

timber seized
timber seized

বঢ়মপুৰ, বিলাসীপাৰা, 4 ছেপ্টেম্বৰ : শুক্ৰবাৰে নগাঁৱৰ কচুৱাত জব্দ হয় চোৰাং চেগুন কাঠ ভৰ্তি বলেৰ' পিকআপ ভান । কচুৱা আৰক্ষীয়ে জব্দ কৰে এই বুজন পৰিমানৰ চোৰাং কাঠ সমূহ ৷ চোৰাং কাঠ কঢ়িয়াই অনা বলেৰ' পিকআপ ভান খনৰ চালক জনে আৰক্ষীক দেখি ৰাজপথত গাড়ী এৰি পলায়ন কৰে । জব্দকৃত ভানখনৰ নম্বৰ AS 02 CC 2767 ৷ দীৰ্ঘদিন ধৰি বন বিভাগৰ চকুৰ সন্মুখতে চোৰাং বালি আৰু কাঠ সৰবৰাহ হয় যদিও কুম্ভকৰ্ণ নিদ্ৰাত বনবিভাগ ৷ বৰ্তমান কচুৱা আৰক্ষী থানাত আছে চোৰাং চেগুন কাঠ ভৰ্তি বলেৰ' পিকআপ ভানখন ।

timber seized
চোৰাং কাঠ জব্দ

আনহাতে, বিলাসীপাৰাৰ গোৱালেৰচৰত বন বিভাগৰ অভিযান ৷ শালকোচা আঞ্চলিক বন বিষয়া হৰিশ নাথৰ নেতৃত্বত চলে অভিযান ৷ শুক্ৰবাৰে সন্ধিয়াৰ ভাগত চলোৱা অভিযানত কাঠফলা কল সহ বৃহৎ পৰিমাণৰ ফলা কাঠ জব্দ কৰে ৷ বন বিষয়া কৰ্মী উপস্থিত হোৱাৰ উমান পাই পলায়ন কৰে চোৰাং কাঠ ব্যৱসায়ী সকল ৷ জব্দকৃত ফলা কাঠ সহ কাঠফলা কল শালকোচা আঞ্চলিক বন কাৰ্যালয়লৈ লৈ যায় ।

লগতে পঢ়ক : পাভৈ সংৰক্ষিত বনাঞ্চলত নিশা দুস্কৃতিকাৰীৰ তাণ্ডৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.